পুনৰ বহিঃৰাজ্যত এক নৃশংস হত্যাকাণ্ডৰ বলি হ’ল অসমৰ এজন যুৱক। তামিলনাডুৰ চেন্নাই চহৰত যোৱা ৫ জুনত সংঘটিত হয় এই সমগ্ৰ লোমহৰ্ষক হত্যাকাণ্ড। এই জঘন্য অপৰাধৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে মৃত যুৱকজনৰ পত্নী আৰু তেওঁৰ এজন বন্ধুক। চেন্নাইৰ পেৰাম্বুৰ ৰেলৱে ষ্টেচনৰ ৪ নম্বৰ প্লেটফৰ্মৰ চিৰিৰ কাষত এটা পৰিত্যক্ত চুটকেচৰ ভিতৰত মৃতদেহৰ এটা অংশ উদ্ধাৰ হোৱাৰ পাছতে এই সমগ্ৰ ঘটনাৰ ৰহস্য ফাদিল হয়। চুটকেচটোৰ পৰা ওলোৱা তীব্ৰ দুৰ্গন্ধৰ বাবে যাত্ৰীসকলে ৰেলৱে আৰক্ষীক খবৰ দিছিল। চেন্নাই আৰক্ষীৰ তদন্তকাৰী দলে জানিবলৈ দিয়া অনুসৰি, তেয়নামপেটৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ চিকিৎসা আৱৰ্জনা পেলোৱা বেগৰ এক সূত্ৰ ধৰি এই ঘটনাৰ অনুসন্ধান আৰম্ভ কৰা হৈছিল। এই গুৰুত্বপূৰ্ণ তথ্যৰ ওপৰত ভিত্তি কৰিয়েই অৱশেষত ভুক্তভোগী যুৱকজনক অসমৰ আমিৰ আলী বুলি চিনাক্ত কৰা হয়। ঘটনাৰ সন্দৰ্ভত আমিৰ আলীৰ পত্নী ৰুহীমা আৰু তেওঁৰ বন্ধু আশ্ৰাফ আলীক চেন্নাই আৰক্ষীয়ে কৰায়ত্ত কৰিছে। ধৃত এই দুই অভিযুক্তও অসমৰে বাসিন্দা। তেওঁলোকে চেন্নাইলৈ চিকিৎসাৰ বাবে অহা বহিঃৰাজ্যৰ ৰোগীসকলক সহায় কৰি জীৱিকা নিৰ্বাহ কৰিছিল। প্ৰাথমিক তদন্তৰ পৰা অনুমান কৰা হৈছে যে তীব্ৰ ঘৰুৱা কন্দলৰ বাবেই এই জঘন্য কাণ্ড সংঘটিত হ’বলৈ পালে। আন এগৰাকী মহিলাৰ সৈতে স্বামীৰ থকা অবৈধ সম্পৰ্কৰ বাবেই দীৰ্ঘদিন ধৰি ৰুহীমা আৰু আমিৰৰ মাজত তীব্ৰ অশান্তি চলি আছিল। অভিযুক্ত দুয়োজনে প্ৰথমে আমিৰ আলীক চেতনানাশক দৰব খুৱাই অচেতন কৰে আৰু তাৰ পাছত তেয়নামপেটৰ নিজা আৱাসগৃহতে তেওঁৰ ডিঙি কাটি হত্যা কৰা বুলি আৰক্ষীয়ে সন্দেহ কৰিছে। অপৰাধ লুকুৱাবলৈ তেওঁলোকে মৃতদেহটো কেইবাটাও টুকুৰা কৰি চেন্নাইৰ বিভিন্ন স্থানত পেলাই দিয়ে। বৰ্তমান চিচিটিভি ফুটেজ আৰু জেৰাৰ সময়ত অভিযুক্তই দিয়া সন্দেহজনক ভাষ্যৰ সহায়ত সমগ্ৰ ঘটনাৰ তদন্ত চলি আছে। মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহৰ উদ্ধাৰ হোৱা অংশ চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে আমিৰৰ কটা মূৰ আৰু বাকী থকা অংশসমূহ বিচাৰি আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে। Share this:FacebookX Related Post navigation তৃণমূল কংগ্ৰেছত তীব্ৰ ভাঙোন! সুখেন্দু শেখৰ ৰায়ৰ পদত্যাগ, দিল্লীত ২১ সাংসদৰ গোপন বৈঠক