লাখ লাখ অনুৰাগীক চকুলোৰে ওপচাই বিনোদন জগতৰ পৰা চিৰবিদায় ল’লে হাৰিয়ানভী গীত আৰু নৃত্যৰ অন্যতম পৰিচিত মুখ দিব্যাংকা চিৰোহীয়ে। মঙলবাৰে নিশা গাজিয়াবাদৰ নিজা বাসগৃহত পৰিয়ালৰ সৈতে সময় কটাই থকা অৱস্থাতে হঠাত্ স্তব্ধ হৈ পৰে এইগৰাকী ৩০ বছৰীয়া অভিনেত্ৰীৰ হৃদস্পন্দন। মঙলবাৰে নিশা হৃদৰোগত আক্ৰান্ত হোৱাৰ লগে লগে তেওঁক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে দিব্যাংকাক মৃত ঘোষণা কৰে। মাত্ৰ ৩০ বছৰ বয়সতে এইগৰাকী সম্ভাৱনাপূৰ্ণ শিল্পীৰ অকাল বিয়োগে এতিয়া সমগ্ৰ উদ্যোগটোতে শোকৰ ছাঁ পেলাইছে। বুলন্দচহৰৰ পৰা আহি গাজিয়াবাদত থিতাপি লোৱা দিব্যাংকাই শিক্ষাৰ ক্ষেত্ৰতো নিজৰ মেধাৰ পৰিচয় দিছিল। ছিক্কিমৰ পৰা এম বি এ ডিগ্ৰী লাভ কৰা এইগৰাকী অভিনেত্ৰীৰ শৈশৱৰে পৰা আছিল অভিনয় আৰু নৃত্যৰ প্ৰতি তীব্ৰ নিচা। মাছুম শৰ্মাৰ দৰে জনপ্ৰিয় গায়কৰ সৈতে বহু হিট গীতত কাম কৰা দিব্যাংকাই ইনষ্টাগ্ৰামৰ ১.৩ নিযুত অনুগামীৰ মাজত নিজৰ এক সুকীয়া স্থান গঢ়ি তুলিছিল। ছ’চিয়েল মিডিয়াৰ জৰিয়তে গঢ়ি তোলা তেওঁৰ এই বিশাল জনপ্ৰিয়তা এতিয়া কেবল স্মৃতিতহে ৰৈ গ’ল। মৃত্যুৰ আগতে দিয়া এক সাক্ষাৎকাৰত দিব্যাংকাই নিজৰ কেৰিয়াৰৰ সফলতাৰ বিষয়ে সোঁৱৰণ কৰি কৈছিল, “শৈশৱৰে পৰা অভিনয়ৰ প্ৰতি থকা মোৰ নিচাই মোক আজি এই পৰ্যায়লৈ লৈ আহিছে।” দিব্যাংকাৰ এই বিয়োগে কেৱল হাৰিয়ানভী সংস্কৃতিক জগতৰ বাবেই নহয়, বৰঞ্চ তেওঁৰ পৰিয়ালৰ বাবেও এক অপূৰণীয় ক্ষতি। মৃত্যুৰ সময়ত তেওঁ পিতৃ-মাতৃ, আইতাক আৰু তিনিগৰাকী ভাই-ভনীক ইহসংসাৰত এৰি থৈ যায়। Share this:FacebookX Related Post navigation পহৰাদাৰীৰ চকুত ধূলি দি দেৱাল পাৰ হৈ পলায়ন হত্যাকাৰী কয়দীৰ; ২৪ ঘণ্টাৰ ভিতৰতে পুনৰ গ্ৰেপ্তাৰ