ভয়ংকৰ অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুক সাৱটিবলগীয়া হ’ল এটি চাৰি বছৰীয়া দেৱশিশুৱে। চৰাইদেউ জিলাৰ সোণাৰিত মঙলবাৰে নিশা সংঘটিত এই কৰুণ ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ শোক আৰু আতংকৰ সৃষ্টি কৰিছে। সোণাৰি আৰক্ষী থানাৰ অন্তৰ্গত ৭ নম্বৰ ৱাৰ্ডৰ এটা ভাড়াঘৰত হঠাত্ সূত্ৰপাত হোৱা এই জুইৰ বিভীষিকাই চকুৰ পলকতে নিঃশেষ কৰি পেলায় এটি নিস্পাপ জীৱন। প্ৰাথমিক তথ্য অনুসৰি, ৰন্ধনৰ বাবে পৰিয়ালৰ এগৰাকী সদস্যই পানী আনিবলৈ বাহিৰলৈ ওলাই যোৱাৰ সময়তে এই ভয়াবহ অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। ঘৰৰ ভিতৰত অকলশৰে থকা চাৰি বছৰীয়া ৰাজ সেনা নামৰ শিশুটোৱে কোনো ধৰণৰ প্ৰতিৰক্ষাৰ সুযোগ পোৱাৰ পূৰ্বেই সমগ্ৰ বাসগৃহটো লেলিহান শিখাই আৱৰি ধৰে। ঘৰৰ সকলো আচবাব আৰু সা-সম্পত্তিৰ লগতে শিশুটিৰ মৃত্যু হোৱা ঘটনাই এতিয়া এক শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে। অগ্নি নিৰ্বাপক বাহিনীৰ লোকে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে যদিও বিজয় সেনা নামৰ ব্যক্তিজনৰ ভাড়াঘৰটো সম্পূৰ্ণৰূপে জাহ যায়। সোণাৰি আৰক্ষীয়ে ইতিমধ্যে দুৰ্ঘটনাটোৰ কাৰণ জানিবলৈ এক তদন্ত আৰম্ভ কৰিছে। একেদৰে সুৰক্ষাৰ কোনো বিসংগতি আছিল নেকি, সেই দিশটোও বিভাগীয় কৰ্তৃপক্ষই বিশেষভাৱে পৰীক্ষা কৰিছে। Share this:FacebookX Related Post navigation মৰ্মান্তিক! মাত্ৰ ৩০ বছৰ বয়সতে হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু জনপ্ৰিয় অভিনেত্ৰীৰ নিউ বঙাইগাঁও ৰেল ষ্টেচনত আৰক্ষীৰ বৃহৎ অভিযান; কোটি টকাৰ সোণসহ এজন সৰবৰাহকাৰী আটক