কাৰাগাৰৰ অভেদ্য সুৰক্ষা বেষ্টনীক বৃদ্ধাংগুষ্ঠ দেখুৱাই এটা দুৰ্ধৰ্ষ অপৰাধীয়ে মুকলি আকাশৰ তললৈ ওলাই অহা ঘটনাই সমগ্ৰ কুৰুং কুমে জিলাতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। কলৰিয়াং উপ-কাৰাগাৰৰ পৰা নিশাৰ সুযোগ লৈ কৌশলেৰে পলায়ন কৰা এই যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত হত্যাকাৰীৰ সন্ধানত আৰক্ষীয়ে তৎক্ষণাত আৰম্ভ কৰে এক ব্যাপক অভিযান। পলাতক কয়দীটোক কেন্দ্ৰ কৰি সৃষ্টি হোৱা এই উত্তপ্ত পৰিস্থিতিৰ মাজতে আৰক্ষীয়ে পুনৰ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় দুৰ্ধৰ্ষ অপৰাধীটোক।

কাৰাগাৰ অধীক্ষক ডেভিদ কয়ুৱে জানিবলৈ দিয়া মতে, বিৰজু ভূমিজ নামৰ ৪৫ বছৰীয়া কয়দীটোৱে মঙলবাৰে নিশা অসুস্থতাৰ ভাও ধৰি জে’লৰ পৰা পলায়ন কৰে। নিশা প্ৰায় ৭ বজাত বিৰজুৱে তাৰ জ্বৰ উঠিছে বুলি পহৰাদাৰীক অভিযোগ কৰি গৰম পানী বিচাৰে। পহৰাদাৰীয়ে কয়দীটোক ৰান্ধনীশাললৈ যোৱাৰ অনুমতি দিয়াৰ সুযোগতে সুৰক্ষাৰ বিসংগতিৰ সুযোগ লৈ হত্যাকাৰীটোৱে কাৰাগাৰৰ দেৱাল পাৰ হৈ পলায়ন কৰে। ইয়াৰ পাছতে আৰক্ষীয়ে হত্যাকাৰীটোৰ সন্ধানত ক্ষীপ্ৰ অভিযান চলায়।

বুধবাৰে পুৱা প্ৰায় ১১ বজাত কলৰিয়াং চহৰৰ পৰা ৩ কিলোমিটাৰ দূৰৈৰ নিকজা গাঁৱৰ পথাৰলৈ যোৱা কেইগৰাকীমান মহিলাই এজন সন্দেহযুক্ত ব্যক্তিক প্ৰত্যক্ষ কৰে। তেওঁলোকে লগে লগে কৰ্তৃপক্ষক খবৰ দিয়াত আৰক্ষীয়ে অভিযান চলাই অভিযুক্ত বিৰজুক পুনৰ আটক কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে ২০১৪ চনত বিৰজু ভূমিজক এক হত্যাকাণ্ডৰ গোচৰত দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰা হৈছিল। তেতিয়াৰ পৰা কাৰাবন্দী হৈ থকা হত্যাকাৰীটোৰ পলায়নে কাৰাগাৰৰ সুৰক্ষা ব্যৱস্থা্ক লৈও প্ৰশ্নৰ অৱতাৰণা কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *