উদণ্ড লোকৰ হাতৰ পৰা সাৰি নগ’ল সাংবাদিক আৰু আৰক্ষী ।সোণৰ অসমত পুনৰ এবাৰ অনা-অসমীয়াই দপদপনি দেখুৱাই দিলে অসমীয়া গ’ বেক ধ্বনি ৷ ইয়াকে লৈ দেওবাৰে গুৱাহাটী মহানগৰীৰ আৰ্য নগৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷উদণ্ড যুৱকৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হৈছে এটা স্থানীয় প’ৰ্টেলৰ এগৰাকী সাংবাদিক । কাহিনী ইমানতে অন্ত নপৰিল ৷ উদণ্ড লোকৰ হাতৰ পৰা সাৰি নগ’ল আৰক্ষীয়ো । পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ যোৱা আৰক্ষীক আক্ৰমণ কৰে একাংশই । এই ঘটনা দেওবাৰে দিনৰ ভাগত সংঘটিত হৈছিল ।আৰ্য নগৰত দীৰ্ঘদিনে চলি থকা গাঞ্জাৰ বেহাৰ কথা ৰাজহুৱা কৰিছিল গুৱাহাটীৰ জিতেন্দ্র শালৈ নামৰ ব্যক্তিজনে । আৰ্য নগৰত চলি থকা গাঞ্জাৰ বেহাৰ বিৰুদ্ধে দেওবাৰে সাংবাদিকক লগত লৈ বাতৰি সংগ্ৰহ কৰিবলৈ যাওতে এদল উদণ্ড অনা-অসমীয়া ওলাই আহি অসমীয়া গ’ বেক ধ্বনি দি জিতেন্দ্র শালৈক আক্ৰমণ কৰাৰ লগতে সাংবাদিক আৰু আৰক্ষীকো শাৰিৰীকভাৱে আক্ৰমণ কৰে । Share this:FacebookX Related Post navigation হৃদয়বিদাৰক! তিস্তাৰ বুকুত গাড়ীসহ উদ্ধাৰ ছিকিমৰ নিৰুদ্দিষ্ট পৰিয়ালৰ মৃতদেহ ড° আতোৱাৰ ৰহমানৰ ‘এক বিৰামহীন যাত্রা: অসম্পূর্ণ আত্মজীৱনী’ শীর্ষক গ্ৰন্থ উন্মোচন