অৱশেষত সঁচা প্ৰমাণিত হ’ল সেই ভংয়কৰ আশংকা। বিগত দুটা দিন ধাৰাবাহিক তালাচীৰ অন্তত অৱশেষত তিস্তাৰ বুকুতেই উদ্ধাৰ হ’ল গেংটকৰ নিৰুদ্দিষ্ট পৰিয়ালটোৰ মৃতদেহ। দেওবাৰে পুৱা কৰনেচন ব্ৰীজৰ সমীপৰ নদীৰ বুকৰ পৰা আটাইকেইগৰাকী যাত্ৰীৰ মৃতদেহসহ উদ্ধাৰ কৰা হয় তেওঁলোকৰ দুৰ্ঘটনাগ্ৰস্ত টাটা নেক্সন বাহনখন। উদ্ধাৰকাৰী দলে পানীৰ তলত ডুব গৈ থকা বাহনখনৰ ভিতৰত আৱদ্ধ হৈ থকা অৱস্থাতে উদ্ধাৰ কৰে আটাইকেইটা মৃতদেহ। প্ৰাপ্ত তথ্য অনুসৰি, এই মৰ্মান্তিক দুৰ্ঘটনাটোত প্ৰাণ হেৰুওৱা লোককেইগৰাকী ক্ৰমে- এছ টি এন এম হাস্পতালৰ সৈতে জড়িত চোচিয়াগাং নাৰ্চিং কলেজৰ নাৰ্চিং প্ৰবক্তা স্মাৰিকা নেউপানে, ছিকিম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ কনিষ্ঠ অভিযন্তা চাবিয়া নেউপানে, উদ্যান শস্য বিভাগৰ কৰ্মচাৰী টীকা মায়া দাহাল আৰু তেওঁৰ কন্যা ডিটিয়া ছেত্ৰী। মৃত স্মাৰিকা আৰু চাবিয়া নেউপানে আছিল আপোন ভগ্নী। নিহত আটাইকেইগৰাকীৰে ঘৰ পূব ছিকিমৰ লিংডক নাইনথ মাইল অঞ্চলত। প্ৰাথমিক প্ৰতিবেদন অনুসৰি, যোৱা শুকুৰবাৰে এই পৰিয়ালটোৱে গেংটকৰ পৰা শিলিগুৰি অভিমুখে যাত্ৰা কৰিছিল। ১০ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত প্ৰচণ্ড বৰষুণৰ ফলত সৃষ্টি হোৱা ভূমিস্খলনৰ কৱলত পৰি তেওঁলোকৰ বাহনখন নদীৰ কোবাল সোঁতত উটি যোৱাৰ সন্দেহ কৰা হৈছিল। এই মৰ্মান্তিক খবৰটোৱে বৰ্তমান সময়ত সমগ্ৰ ছিকিম আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহত এক গভীৰ শোকৰ ছাঁ পেলাইছে। Share this:FacebookX Related Post navigation ভুৱা MBBS ডিগ্ৰীৰে চৰকাৰী চাকৰি! মধ্যপ্ৰদেশৰ চিকিৎসা খণ্ডত বৃহৎ কেলেংকাৰি পোহৰলৈ অহাৰ পিছতে ২ হাজাৰ চিকিৎসকৰ নথি পৰীক্ষাৰ নিৰ্দেশ অসমীয়াৰ বিৰুদ্ধে অনা অসমীয়াৰ যুদ্ধংদেহী ৰূপ