দেশৰ সংসদত মহিলাৰ আসন সংৰক্ষণক লৈ চলি থকা তীব্ৰ বাদানুবাদৰ মাজতেই কেন্দ্ৰীয় চৰকাৰে হঠাতে কাৰ্যকৰী কৰিলে ২০২৩ চনৰ সেই পুৰণি আইনখন। লোকসভাত আসন বৃদ্ধি সংক্রান্তীয় নতুন সংবিধান সংশোধনী বিলৰ ওপৰত আলোচনা চলি থকাৰ মুহূৰ্ততে জাৰি কৰা হৈছে এই বিশেষ চৰকাৰী অধিসূচনা। কেন্দ্ৰীয় আইন মন্ত্ৰালয়ৰ মতে ১০৬তম সংবিধান সংশোধনী আইনখন যোৱা ১৬ এপ্ৰিলৰ পৰাই সমগ্ৰ দেশতে বলৱৎ হৈছে। ২০২৩ চনৰ ছেপ্টেম্বৰ মাহত সংসদৰ বিশেষ অধিৱেশনত কেন্দ্ৰই মহিলা সংৰক্ষণৰ এই ঐতিহাসিক বিলখন গৃহীত কৰিছিল। ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে সন্মতি দিয়াৰ পাছতো আঢ়ৈ বছৰ ধৰি স্থবিৰ হৈ থকা এই আইনখনক লৈ আজি গ্ৰহণ কৰা হৈছে এক তাৎপৰ্যপূৰ্ণ সিদ্ধান্ত। চৰকাৰী গেজেটত আজি অধিসূচনা প্ৰকাশ কৰি অৱশেষত প্ৰশাসনীয় অনুমোদন দিলে কেন্দ্ৰীয় চৰকাৰে। প্ৰস্তাৱিত নতুন সংশোধনীসমূহ বাস্তৱায়িত কৰাৰ বাবে এই পুৰণি আইনখনৰ অস্তিত্ব থকাটো বৰ্তমানৰ পৰিপ্ৰেক্ষিতত খুবেই জৰুৰী। এই ১০৬তম সংশোধনী অনুযায়ী লোকসভা আৰু সকলো বিধানসভাত মহিলাৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষিত থাকিব। অৱশ্যে নতুন লোকপিয়ল আৰু সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতহে প্ৰকৃততে এই সুবিধা লাভ কৰিব দেশৰ মহিলাসকলে। ইফালে কেন্দ্ৰীয় চৰকাৰে ১৩১তম সংবিধান সংশোধনী বিলসহ তিনিখন নতুন বিল ইতিমধ্যে লোকসভাত উত্থাপন কৰিছে। বিৰোধী দলসমূহে মহিলা সংৰক্ষণক আদৰণি জনাইছে যদিও সমষ্টি বৃদ্ধিৰ আঁৰত কিবা ৰাজনৈতিক উদ্দেশ্য লুকাই আছে নেকি তাক লৈ তীব্ৰ সন্দেহ প্ৰকাশ কৰিছে। শুকুৰবাৰে লোকসভাত এই বিলসমূহৰ ওপৰত হ’বলগীয়া ভোটৰ পূৰ্বে চৰকাৰে এতিয়া প্ৰতিটো খোজ খুৱ সাৱধানে পেলাইছে। সংবিধান সংশোধনী বিলখন গৃহীত হ’বলৈ প্ৰয়োজনীয় দুই-তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা বৰ্তমান চৰকাৰৰ হাতত নাই। ঠিক এনে এক অনিশ্চিত অংকৰ মাজতেই পুৰণি আইনখন কাৰ্যকৰী কৰি কেন্দ্ৰই এক সুপৰিকল্পিত ৰাজনৈতিক কৌশলৰ পৰিচয় দিছে। যাৰ বাবে পাটিগণিতৰ যুঁজ আৰু আদৰ্শৰ সংঘাতেৰে এতিয়া গৰম হৈ উঠিছে দিল্লীৰ ৰাজনৈতিক মহল। Share this:FacebookX Related Post navigation সাংসদ অমৃতপাল সিঙৰ কাৰাবাস; ডিব্ৰুগড়তে ৰখাৰ অনুমতি বিচাৰি উচ্চ ন্যায়ালয়ত পঞ্জাৱ চৰকাৰ এআই + স্মাৰ্টফোন নোভা ২ আল্ট্ৰা বিক্ৰী আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে