গুৱাহাটী বিশ্ববিদ্যালয় চৌহদৰ গাতে লগা সুন্দৰবৰীত কালি দুপৰীয়াৰ ভাগত এখন দোকানৰ চালত বিলুপ্তপ্ৰায় প্ৰজাতিৰ এডাল প্ৰকাণ্ড গুই সাপৰ বিচৰণক কেন্দ্ৰ কৰি স্বাভাবিকতে অঞ্চলটোত কৌতুহলৰ সৃষ্টি হয়। জানিব পৰা মতে সুন্দৰবৰীৰ এটা পৰিয়ালৰ টিনৰ চালত সাপডাল উঠি থকা ওচৰ চুবুৰীয়া কোনো লোকে দেখা পায়। সাপডাল ধৰিবলৈ স্থানীয় লোকে ধৰিবলৈ বহু চেষ্টা কৰে যদিও চেষ্টা বিফল হোৱাত বন বিভাগৰ খানামুখ খণ্ড বন কাৰ্যালয়ত খবৰ দিয়ে। খবৰ পোৱাৰ পাছতে খণ্ড বন বিষয়া পাপৰি কছাৰীৰ নেতৃত্বত এটা বনকৰ্মীৰ দল ঘটনাস্থলীত উপস্থিত হৈ গুই সাপডাল উদ্ধাৰ কৰে। নিশা সাপডাল জালুকবাৰী সংৰক্ষিত বনাঞ্চলৰ গভীৰ অৰণ্যত বনকৰ্মীৰ দলে এৰি দিয়ে। আনহাতে উদ্ধাৰ কৰা স্থানত আৰু এডাল গুই সাপ থাকিব পাৰে বুলি খণ্ড বন বিষয়া পাপৰি কছাৰীয়ে সন্দেহ ব্যক্ত কৰি তেনে সাপ দেখা পালে লগে লগে বন বিভাগক অৱগত কৰিবলৈ আহ্বান জনাইছে। Share this:FacebookX Related Post navigation ভাৰ্নাৰেবল ষ্টাম্প-টেইল্ড মেকাকৰ প্ৰথম সফল প্ৰজননৰ ৰেকৰ্ড মেঘালয় ৰাজ্যিক চিৰিয়াখানাত