৯ বছৰ পূৰ্বে অৰণ্যৰ মাজত উদ্ধাৰ হৈছিল এটি কণমানি। মানুহ চিনি নোপোৱা, জন্তুৰ দৰে খোজ কঢ়া আৰু জন্তুৰ দৰেই আচৰণ কৰা সেই কিশোৰীগৰাকীক উদ্ধাৰ কৰি পৰৱৰ্তী সময়ত ৰখা হৈছিল শিশু গৃহত। কিন্তু অৰণ্য এৰি জনসমাজৰ মাজলৈ ওলাই আহিয়েই বিভিন্ন শাৰীৰিক প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হোৱা ‘ম’গলি গাৰ্ল’ এতিয়া আৰু নাই। ১৮ বছৰ বয়সত চিকিৎসাধীন অৱস্থাত মৃত্যুক সাৱটি লয় যুৱতীগৰাকীয়ে। উল্লেখ্য যে, অৰণ্যৰ পৰা উদ্ধাৰ কৰাৰ পাছতে সেই কিশোৰীগৰাকীৰ নাম ৰখা হৈছিল এহছাছ। বিগত ৯ বছৰীয়া পুনৰ্বাসন প্ৰক্ৰিয়াত লাহে লাহে মানুহৰ মাজৰ এগৰাকী হৈ পৰিছিল এহছাছ। কাপোৰ পিন্ধা, মানুহক চিনাক্ত কৰা আৰু আশে-পাশে থকা লোকসকলৰ সৈতে সম্পৰ্ক গঢ়ি তোলাৰ দৰে বহু আচৰণ তেওঁ আয়ত্ত কৰিছিল। শেহতীয়াকৈ শাৰীৰিক অসুস্থতাত ভুগা এহছাছক ভৰ্তি কৰোৱা হৈছিল লক্ষ্ণৌৰ ড° ৰাম মনোহৰ লোহিয়া চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানত। হাওঁফাওঁজনিত ৰোগৰ ফলত হোৱা ছেপ্টিচেমিয়াত আক্ৰান্ত হৈ হাস্পতালতে ১৫ জুনত মৃত্যু ঘটে এহছাছৰ। ২০১৭ চনত উত্তৰ প্ৰদেশৰ বহৰাইচ জিলাৰ কাটাৰনিয়াঘাট অৰণ্য অঞ্চলত উদ্ধাৰ কৰা হৈছিল এহছাছক। সেই সময়ত তেওঁ চাৰিওখন হাত আৰু ভৰিত ভৰ দি চলাফুৰা কৰিছিল, মানুহৰ সংস্পৰ্শ এৰাই চলিছিল আৰু আকাৰ-ইংগিত তথা বিভিন্ন শব্দৰ জৰিয়তে নিজৰ অনুভূতি প্ৰকাশ কৰিছিল। এই অস্বাভাৱিক আচৰণৰ বাবেই সমগ্ৰ দেশত তেওঁ ‘মোগলী গাৰ্ল’ নামেৰে পৰিচিত হৈছিল। উদ্ধাৰৰ পিছত লক্ষ্ণৌৰ এখন বিশেষ শিশুগৃহলৈ স্থানান্তৰ কৰা হৈছিল তেওঁক। তাতেই চিকিৎসা, পৰামৰ্শ আৰু বিশেষ যত্নৰ জৰিয়তে আৰম্ভ হৈছিল তেওঁৰ পুনৰ্বাসনৰ যাত্ৰা। অৰণ্যৰ মাজত উদ্ধাৰ হোৱা এটি শিশুৰ পৰা সমাজৰ মূলসুঁতিলৈ ঘূৰি অহাৰ তেওঁৰ দীঘলীয়া সংগ্ৰামে সমগ্ৰ দেশৰ দৃষ্টি আকৰ্ষণ কৰিছিল। এহছাছৰ জীৱনক বহুতে পুনৰ্বাসন আৰু মানৱীয় যত্নৰ এক ব্যতিক্ৰমী উদাহৰণ হিচাপে গণ্য কৰি আহিছে। Share this:FacebookX Related Post navigation সুন্দৰবৰীত উদ্ধাৰ কৰা গুই সাপ জালুকবাৰী সংৰক্ষিত বনাঞ্চলত মুকলি তিতাবৰত মৰ্মান্তিক ঘটনা! বজ্ৰ পৰি মৃত্যু দশম শ্ৰেণীৰ ছাত্ৰীৰ