শতজনলৈ বৃদ্ধি পালে অসমৰ বলিয়া বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা! উজনি অসমত সৃষ্টি হোৱা বান প্ৰলয়ৰ পিছত এতিয়া প্ৰতিদিনেই উদ্ধাৰ হৈ আছে ইটোৰ পিছত সিটো মৃতদেহ। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ শেহতীয়া তথ্য অনুসৰি, গোলাঘাট আৰু কাৰ্বি আংলং জিলাত পুনৰ দুজন লোকৰ বানৰ পানীত সলিল সমাধি ঘটাৰ পিছতে এই বানত নিহতৰ মুঠ সংখ্যা ১০০ জনলৈ বৃদ্ধি পায়।

ইফালে, বানৰ সংহাৰী ৰূপ কিছু শাম কাটিলেও ৰাজ্যৰ সাতখন জিলাত এতিয়াও ১.৩৭ লাখৰো অধিক লোক বানৰ কবলত আছে। চৰাইদেউ, দৰং, গোলাঘাট, যোৰহাট, কাৰ্বি আংলং, নগাঁও আৰু শিৱসাগৰত অব্যাহত আছে বানৰ বিভীষিকা।

ক্ষতিগ্ৰস্ত লোকৰ সংখ্যাৰে এতিয়াও সৰ্বাধিক ক্ষতিগ্ৰস্ত জিলাৰ তালিকাৰ শীৰ্ষত আছে গোলাঘাট। জিলাখনত প্ৰায় ৭০ হাজাৰ লোক বানৰ কবলত থকাৰ বিপৰীতে শিৱসাগৰত প্ৰায় ৪০ হাজাৰ আৰু যোৰহাটত ১৬ হাজাৰৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে।

অৱশ্যে শনিবাৰৰ তুলনাত দেওবাৰে বান পৰিস্থিতিৰ কিছু উন্নতি হোৱা দেখা যায়। শনিবাৰে ৰাজ্যৰ আঠখন জিলাত প্ৰায় ১.৫ লাখ লোক বানৰ কবলত থকাৰ বিপৰীতে দেওবাৰে ক্ষতিগ্ৰস্ত জিলাৰ সংখ্যা সাতখনলৈ আৰু বানাক্ৰান্ত লোকৰ সংখ্যা ১.৩৭ লাখলৈ হ্ৰাস পায়।

আনহাতে, বানত গৃহহীন হোৱা লোকসকলৰ আশ্ৰয় আৰু সাহায্যৰ বাবে ছখন জিলাত ১২৫টা সাহায্য শিবিৰ আৰু সাহায্য বিতৰণ কেন্দ্ৰ চলাই আছে প্ৰশাসনে। এই শিবিৰসমূহত বৰ্তমান ৪৯,০৬১জন বানপীড়িত লোকে আশ্ৰয় লৈ আছে। বিগত ২৪ ঘণ্টাত বানাক্ৰান্ত লোকৰ মাজত ৭১০.৪৪ কুইণ্টল চাউল, ১২৭.৮৫ কুইণ্টল দাইল, ৩৮.৩৪ কুইণ্টল নিমখ আৰু ৩,৭৭৩.৭ লিটাৰ মিঠা তেল বিতৰণ কৰা হৈছে।

ইফালে, বানৰ পানীয়ে ৪৫৬খন গাঁও বুৰাই পেলোৱাৰ লগতে ১১,৯৩৩.৪৬ হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত কৰিছে। কেইবাখনো জিলাত মথাউৰি, পথ, দলংকে ধৰি বিভিন্ন ৰাজহুৱা আন্তঃগাঁথনিও বানৰ কবলত পৰিছে।

গোলাঘাট চহৰ আৰু নুমলীগড়ত এতিয়াও বিপদসীমাৰ ওপৰেৰে বৈ আছে ধনশিৰি নদীৰ পানী। শ্ৰীভূমি জিলাতো বিপদসীমা অতিক্ৰম কৰি বৈ আছে কুশিয়াৰা নদীৰ পানী। ফলত সংশ্লিষ্ট অঞ্চলসমূহত বান পৰিস্থিতিৰ প্ৰতি সতৰ্কতা অব্যাহত আছে।

বানৰ প্ৰভাৱৰ পৰা বাদ পৰা নাই পশুধন আৰু হাঁহ-কুকুৰাও। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বানৰ ফলত ৪৩,৩৩১টা ঘৰচীয়া পশুধন আৰু হাঁহ-কুকুৰা ক্ষতিগ্ৰস্ত হৈছে। বানৰ পানী কিছু হ্ৰাস পালেও ক্ষতিগ্ৰস্ত অঞ্চলসমূহত সাহায্য আৰু উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে প্ৰশাসনে।

Leave a Reply

Your email address will not be published. Required fields are marked *