ক্ষেত্ৰীৰ পৰা প্ৰায় ৩.৫ কিলোমিটাৰ দূৰত অৱস্থিত লক্ষীগোগ এল. পি স্কুলত দেওবাৰে বিশ্ব জনজাতি দিৱস পালন কৰা হয়। এই সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে তিৱা ৰাজ দৰবাৰৰ সভাপতি জুৰসিং বৰদলৈ দেৱ, ডিমৰীয়াৰ সমাজ সেৱক অজিত দেউৰী, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বঁটা প্ৰাপ্ত চুটি ছবি নিৰ্মাতা প্ৰযোজক, পৰিচালক তথা অভিনেতা ড০ ৰাজীৱ দলৈ, তিৱা লোক নৃত্য প্ৰশিক্ষক চিণ্টু বৰদলৈ,সহ প্ৰশিক্ষক টুটু মণি কোঁৱৰ, অদিতি সৰাই, ভেৰাকুছি তিৱা সমাজৰ গাওঁ বুঢ়ী খগেন পাটৰ, ভাৰপ্ৰাপ্ত গাওঁ বুঢ়া যত্ন সিং পাটৰ, দেউৰী আলধৰা শৰট পাটৰ, ভেৰাকুছি তিৱা সমাজৰ বিষয়া বিমল মিথি, লক্ষিগোগ গাঁৱৰ খুৰা মূল বাৰʼ শ্ৰী ৰাজীৱ আমচি, কাণ্ঠিচ্যুৰী চ্য’মতৰ চালনগিৰি দ্বীপেন পোমা, সমাজ সেৱক খগেন আমচি, হাঠাৰি পৰমেশ্বৰ মিথি, সমাজ সেৱক অভিজীত পোমা, সদৌ তিৱা ছাত্ৰ সন্থাৰ সদস্য নৰেন আমচি, তিৱা অনাতাঁৰ শিল্পী যমুনা কোৱাৰ, সাবিত্ৰী পাটৰ লগতে ধোপগুৰী তিৱা সমাজৰ মহিলাসকলো উপস্থিত থাকে। মুখ্য অতিথি জুৰসিং বৰদলৈয়ে কয় যে তিৱা লোক ভাষা, কলা সংস্কৃতি, সাজ পাৰ বৰ্তমান সময়ত লুপ্ত হ’বলৈ গৈ আছে। সেয়ে আমাৰ ভাষা, কলা সংস্কৃতি, সাজ পাৰ, সামাজিক ৰীতি নীতি সমূহ জীয়াই ৰাখিবলৈ হ’লে এতিয়াৰে পৰা সজাগ হ’ব লাগিব। নহ’লে আমি এদিন এই সমাজৰ পৰা হেৰাই যাম। সেয়ে তেওঁ কয় যে আগন্তুক দিনত হ’ব লগীয়া লোক পিয়লৰ সময়ত আমাৰ তিৱা জনজাতি লোকসকলে যাতে তথ্য বোৰ শুদ্ধকৈ দিয়ে। যেনে জাতি – তিৱা, ভাষা – তিৱা, ধৰ্ম – বিনুং বুলি লিপিবদ্ধ কৰিবলৈ কয়। এই ভাষণৰ শেষত তেওঁ এটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় যে লক্ষীগোগ গাওঁ খন অসমৰ ৰাজধানী দিছপুৰ এলেকাৰে অন্তৰ্গত কিন্তু দূৰ্ভাগ্যজনকভাৱে আজিলৈকে কোনো উন্নয়নে ঢুকি নাপালে আৰু এই গাওঁ খনলৈ অহা মূল পথটো প্ৰায় ২.৫ কিলোমিটাৰ বেলগুৰি গাঁৱৰ মাজৰ পৰা লক্ষীগোগলৈ পকীকৰণ নহ’ল,গতিকে পকীকৰণ কৰিবলৈ অসম চৰকাৰক আহ্বান জনায়। Share this:FacebookX Related Post navigation মেৰামতি কামৰ বাবে NFR য়ে অগপতল, শিলচৰ, ছাইৰাংগামী কেইবাখনো ৰেলৰ সময় সলনি আৰু বাতিল কৰিলে শতজনলৈ বৃদ্ধি পালে অসমৰ বলিয়া বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা; সাতখন জিলাত এতিয়াও ১.৩৭ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত