দেশজুৰি চৰ্চা লাভ কৰা অযোধ্যাৰ ৰাম মন্দিৰৰ দান-দক্ষিণা চুৰিৰ গোচৰৰ তদন্তক লৈ উচ্চতম ন্যায়ালয়ত চলি থকা আইনী প্ৰক্ৰিয়াই সোমবাৰে নতুন মোৰ লয়। গোচৰটোৰ শুনানিৰ সময়ত উত্তৰ প্ৰদেশ চৰকাৰৰ হৈ পক্ষ দাঙি ধৰিবলগীয়া ছলিচিটৰ জেনেৰেল তুষাৰ মেহতা উপস্থিত নথকাৰ বাবে শুনানি পৰৱৰ্তী সপ্তাহলৈ পিছুৱাই দিয়াৰ অনুৰোধত সন্মতি জনায় উচ্চতম ন্যায়ালয়ে।

মুখ্য ন্যায়াধীশ সূৰ্যকান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ ভি. মোহনৰ বিচাৰপীঠৰ সন্মুখত উত্তৰ প্ৰদেশ চৰকাৰৰ হৈ উপস্থিত থকা অধিবক্তাগৰাকীয়ে জনায় যে তুষাৰ মেহতা এটা কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে প্ৰতিনিধিদলৰ সৈতে ৰাষ্ট্ৰসংঘলৈ গৈছে। সেয়ে, গোচৰটোৰ শুনানি পৰৱৰ্তী সপ্তাহলৈ পিছুৱাই দিবলৈ তেওঁ অনুৰোধ জনায়।

গোচৰকেইটা শুনানিৰ বাবে তালিকাভুক্ত হৈছেনে নাই, সেই বিষয়ে বিচাৰপীঠে জানিব বিচৰাত অধিবক্তাগৰাকীয়ে ৩০ৰ পৰা ৩৩ নম্বৰ গোচৰৰ কথা উল্লেখ কৰে। পৰৱৰ্তী সপ্তাহত সেই গোচৰকেইটাৰ শুনানি গ্ৰহণ কৰিবলৈ তেওঁ অনুৰোধ জনোৱাত বিষয়টো বিবেচনা কৰিবলৈ সন্মতি প্ৰকাশ কৰে বিচাৰপীঠে।

ইয়াৰ পূৰ্বে, ২৭ জুলাইত অযোধ্যাৰ ৰাম মন্দিৰৰ দান-দক্ষিণা চুৰিৰ গোচৰৰ তদন্তৰ বাবে আৰক্ষী মহাপৰিদৰ্শক কিৰণ এছৰ নেতৃত্বত গঠন কৰা চাৰিজনীয়া বিশেষ তদন্তকাৰী দলৰ বিষয়ে উচ্চতম ন্যায়ালয়ক অৱগত কৰিছিল উত্তৰ প্ৰদেশ চৰকাৰে। তদন্তৰ অধিক স্বচ্ছতাৰ বাবে দলটোত এগৰাকী ফৰেনছিক হিচাপ পৰীক্ষকক অন্তৰ্ভুক্ত কৰিবলৈ উত্তৰ প্ৰদেশ চৰকাৰক নিৰ্দেশ দিছিল বিচাৰপীঠে।

লগতে, তদন্তৰ অগ্ৰগতিৰ বিষয়ে দুসপ্তাহৰ ভিতৰত স্থিতি প্ৰতিবেদন দাখিল কৰিবলৈ বিশেষ তদন্তকাৰী দলটোক নিৰ্দেশ দিছিল উচ্চতম ন্যায়ালয়ে। আদালতৰ নিৰীক্ষণত বিশেষ তদন্তকাৰী দলৰ তদন্তৰ দাবীৰে দাখিল কৰা আবেদনকেইখনৰ শুনানিৰ অংশ হিচাপেই সোমবাৰৰ কাৰ্যসূচী নিৰ্ধাৰিত হৈছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *