শক্তি বিভাগৰ চৰম গাফিলতিৰ বাবে পুনৰ প্ৰাণ হেৰুৱাবলগীয়া হ’ল এজন সাধাৰণ নাগৰিকে। ধমধমাৰ নিকটৱৰ্তী তথা বাক্স জিলাৰ ঢেকীভাঙাত কালি নিশা সংঘটিত এই কৰুণ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। মৃত লোকজনক কৃষি কৰ্মেৰে জীৱন-নিৰ্বাহ কৰা কিশোৰ বৰ্মন বুলি চিনাক্ত কৰা হৈছে।

পৰিয়াল আৰু স্থানীয় সূত্ৰই জনোৱা মতে, কিশোৰ বৰ্মনে কালি নিশা ভাত খাই পদুলিমুখলৈ ওলাই আহোঁতেই হঠাতে গাত ওপৰত বিদ্যুত পৰিবাহী তাঁৰ ছিগি পৰে। ফলত ঘটনাস্থলীতে থিতাতে তেওঁৰ মৃত্যু হয়। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, শক্তি বিভাগে দীৰ্ঘদিন ধৰি পুৰণি তাঁৰসমূহ সলনি কৰি নতুন তাঁৰ সংযোগ নকৰাৰ বাবেই এই মৰ্মান্তিক দুৰ্ঘটনাটো সংঘটিত হ’বলৈ পালে। এই ঘটনাক কেন্দ্ৰ কৰি ক্ষুব্ধ ৰাইজে বিভাগটোৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে।

উল্লেখ্য যে, এগৰাকী কণমানি সন্তানৰ পিতৃ কিশোৰ বৰ্মন আছিল পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী ব্যক্তি। স্থানীয় ৰাইজে মৃত কিশোৰ বৰ্মনৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিবলৈ শক্তি বিভাগৰ ওচৰত দাবী জনাইছে। এই অকাল মৃত্যুক কেন্দ্ৰ কৰি সমগ্ৰ ঢেকীভাঙা অঞ্চলটোত এক গভীৰ শোকৰ

Leave a Reply

Your email address will not be published. Required fields are marked *