বিশ্ব বজাৰত ইৰানৰ খাৰুৱা তেল বিক্ৰীৰ পথ পুনৰ প্ৰায় সম্পূৰ্ণৰূপে বন্ধ কৰি দিলে আমেৰিকা যুক্তৰাষ্ট্ৰই। হৰমুজ প্ৰণালীত বাণিজ্যিক জাহাজৰ ওপৰত হোৱা আক্ৰমণৰ পিছতে সামৰিক অভিযান তীব্ৰ কৰাৰ লগতে তেল ৰপ্তানিৰ ক্ষেত্ৰত ইৰানক দিয়া সকলো বিশেষ ৰেহাই বাতিল কৰাৰ ঘোষণা কৰিছে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ প্ৰশাসনে। উল্লেখ্য যে, এই সিদ্ধান্তৰ ফলত ইৰানে পূৰ্বৰ দৰে আন দেশলৈ খাৰুৱা তেল ৰপ্তানি কৰাটো কঠিন হৈ পৰিব। ইৰানৰ তেল বিক্ৰী হ্ৰাস কৰাৰ জৰিয়তে দেশখনৰ আয়ৰ মূল উৎসত আঘাত হানিবলৈ এই চেষ্টা চলাইছে আমেৰিকাই। অৰ্থনৈতিক চাপ বৃদ্ধিৰ সমান্তৰালভাৱে ইৰানৰ সামৰিক লক্ষ্যস্থানসমূহৰ ওপৰতো নতুনকৈ আক্ৰমণ চলাইছে আমেৰিকাই। দক্ষিণ ইৰানৰ কৌশলগতভাৱে গুৰুত্বপূৰ্ণ বন্দৰ আব্বাছ আৰু উপকূলীয় একাধিক স্থানত বিমান আৰু ক্ষেপণাস্ত্ৰ আক্ৰমণ চলোৱাৰ খবৰ প্ৰকাশ পাইছে। আমেৰিকাই এই সামৰিক পদক্ষেপক হৰমুজ প্ৰণালীত বাণিজ্যিক জাহাজৰ ওপৰত হোৱা আক্ৰমণৰ প্ৰতিক্ৰিয়া বুলি বৰ্ণনা কৰিছে। বিশ্বৰ অন্যতম ব্যস্ত সামুদ্ৰিক বাণিজ্যপথত শেহতীয়াকৈ সৃষ্টি হোৱা অস্থিৰতাক কেন্দ্ৰ কৰিয়েই এই অভিযান আৰম্ভ কৰা হয়। আমেৰিকাৰ এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে ইৰানে। যুদ্ধবিৰতি সম্পৰ্কীয় বুজাবুজি ভংগ কৰাৰ অভিযোগ তুলি তেহৰানে ইয়াৰ উপযুক্ত জবাব দিয়া হ’ব বুলিও সতৰ্কবাণী প্ৰদান কৰে। Share this:FacebookX Related Post navigation শক্তি বিভাগৰ গাফিলতিৰ পৰিণতি! ধমধমাত বিদ্যুতৰ তাঁৰ ছিগি যুৱকৰ মৃত্যু কোনো ‘ধুৰন্ধৰ’ বা ‘চান্দা চোৰ’ৰ ৰেহাই নাইঃ ৰাম মন্দিৰৰ ধন কেলেংকাৰিত কঠোৰ সতৰ্কবাণী যোগী চৰকাৰৰ