ছুটী শেষ কৰি মধ্যপ্ৰদেশৰ নিমজস্থিত কৰ্তব্যস্থলীলৈ গৈ থকা অৱস্থাতে ৰহস্যজনকভাৱে সন্ধানহীন হৈ পৰে অসমৰ এজন চি আৰ পি এফৰ জোৱান। বঙাইগাঁও জিলাৰ মাণিকপুৰৰ বাসিন্দা তথা চি আৰ পি এফৰ জোৱান অমৰেন্দ্ৰ ৰায় (৫১) যোৱা ৪ জুলাইৰ পৰা সন্ধানহীন হৈ থকা ঘটনাই এতিয়া চিন্তাত পেলাইছে তেওঁৰ পৰিয়ালক। পৰিয়ালৰ সূত্ৰই জনোৱা মতে, ঘৰৰ পৰা ছুটী শেষ কৰি যোৱা ২ জুলাইৰ দিনা জোৱানজনে বিজনী ৰেলৱে ষ্টেচনৰ পৰা আবেলি ২.২০ বজাত ১২৫০৫ নম্বৰৰ নৰ্থ-ইষ্ট এক্সপ্ৰেছ ৰেলগাড়ীখনেৰে যাত্ৰা কৰিছিল। তেওঁ তিনি জুলাইত তুণ্ডলা জংচনত নামে। নৰ্থ ইষ্ট এক্সপ্ৰেছ ৰেলগাড়ীখন তুণ্ডলা জংচন গৈ পোৱাত পলম হোৱাৰ বাবে তেওঁ তুণ্ডলাৰ পৰা আগ্ৰা ফৰ্টলৈ কোনো গাড়ীৰে গৈ আগ্ৰা ফৰ্টৰ এখন হোটেলত নিশাটো কটায়। তাৰ পৰা ৪ জুলাইৰ নিশা ৮.৩০ বজাত ১৯৮১৮ নম্বৰ হালদিঘাটী ৰেলগাড়ীখনেৰে নিমজলৈ যাব বুলি জোৱানজনে পত্নীক ফোনযোগে জনাইছিল। ৪ জুলাইৰ সন্ধিয়াও ৰেলগাড়ীখনত উঠাৰ আগে আগে জোৱানজনে ৰেলত উঠিব বুলি পত্নীক ফোন কৰিছিল যদিও তাৰ পিছৰ পৰাই তেওঁৰ কোনো সন্ধান পোৱা যোৱা নাই। উল্লেখ্য যে, অমৰেন্দ্ৰ ৰায় চি আৰ পি এফৰ চি/১৬০ নম্বৰ ইউনিটৰ জোৱান আছিল। ইতিমধ্যে জোৱানজনৰ পৰিয়ালৰ ফালৰ পৰা চি আৰ পি এফ কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰাৰ উপৰি মাণিকপুৰ থানাত এক এজাহাৰো দাখিল কৰা হৈছে। কোনো লোকে জোৱানজনৰ কিবা সম্ভেদ পালে ওচৰৰ থানাত অথবা ৯৯৫৪৫৪৪০০৫ ফোন নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে কাতৰ অনুৰোধ জনাইছে। Share this:FacebookX Related Post navigation বিধানসভাত চাকৰি দিয়াৰ প্ৰলোভনেৰে লাখ লাখ টকা আত্মসাৎ, ৰঙিয়াত অগ্নিনিৰ্বাপক বাহিনীৰ কৰ্মচাৰী গ্ৰেপ্তাৰ শক্তি বিভাগৰ গাফিলতিৰ পৰিণতি! ধমধমাত বিদ্যুতৰ তাঁৰ ছিগি যুৱকৰ মৃত্যু