অসম বিধানসভাত নিযুক্তি দিয়াৰ প্ৰলোভনেৰে লাখ লাখ টকা আত্মসাৎ কৰি আৰক্ষীৰ জালত পৰিল এজন চৰকাৰী কৰ্মচাৰী। ৰঙিয়া আৰক্ষীয়ে মঙলবাৰে অভিযান চলাই গ্ৰেপ্তাৰ কৰে প্ৰৱঞ্চক ধনজিৎ তালুকদাৰক। উল্লেখ্য যে, ধৃত ধনজিৎ ৰঙিয়াৰ অগ্নি আৰু আপদকালীন সেৱা আস্থানৰ কৰ্মচাৰী।

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, নলবাৰী জিলাৰ ৯ নং ৱাৰ্ডৰ বাসিন্দা লক্ষী ডেকা নামৰ এগৰাকী ব্যক্তিয়ে দাখিল কৰা এক এজাহাৰৰ ভিত্তিত ৰঙিয়া আৰক্ষীয়ে এই অভিযান চলায়। উত্থাপিত অভিযোগ অনুসৰি, অভিযুক্ত কৰ্মচাৰীজনে অসম বিধানসভাত চাকৰি দিয়াৰ নামত ডেকাৰ পৰা সাত লাখ টকা উৎকোচ হিচাপে লৈছিল।

অৱশ্যে আৰক্ষীৰ জেৰাত ধৃত ধনজিৎ তালুকদাৰে উক্ত সাত লাখ টকা উৎকোচ হিচাপে লোৱা নাই বুলি এক বিপৰীত দাবী উত্থাপন কৰে। তেওঁৰ ভাষ্য অনুসৰি উক্ত ধনৰাশি কেৱল সুততহে লোৱা হৈছিল। বৰ্তমান ৰঙিয়া আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰি সমগ্ৰ ধন লেনদেনৰ প্ৰক্ৰিয়াটোৰ প্ৰকৃত সত্য উদঘাটন কৰিবলৈ তদন্ত অব্যাহত ৰাখিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *