ৰাষ্ট্ৰীয় ৰাজধানীত এক বৃহৎ কূটাঘাতৰ পৰিকল্পনা নস্যাৎ কৰিবলৈ সক্ষম হ’ল দিল্লী আৰক্ষীৰ স্পেচিয়েল চেলে। কুখ্যাত আণ্ডাৰৱৰ্ল্ড ডন ডাউদ ইব্ৰাহিমৰ নেটৱৰ্ক আৰু পাকিস্তানৰ চোৰাংচোৱা সংস্থা আইএছআইৰ সৈতে জড়িত ৯টা সন্ত্ৰাসবাদীক শনিবাৰে গ্ৰেপ্তাৰ কৰে আৰক্ষীৰ বিশেষ দলটোৱে। ধৃত অভিযুক্ত কেইটাৰ পৰা বুজন পৰিমাণৰ মাৰণাস্ত্ৰ, হেণ্ড গ্ৰেনেড আৰু বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰা হৈছে। জানিব পৰা মতে, দিল্লীৰ গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান, নিৰাপত্তা কৰ্মী আৰু ধৰ্মীয় স্থানসমূহক লক্ষ্য কৰি আক্ৰমণ চলোৱাৰ বাবে পাকিস্তানৰ চোৰাংচোৱা সংস্থাই এই মডিউলটো দীৰ্ঘদিন ধৰি তৈয়াৰ কৰিছিল। গ্ৰেপ্তাৰ কৰা লোককেইজনৰ ভিতৰত নেপালী মূলৰো একাংশ সদস্য আছে। প্ৰাৰম্ভিক তদন্তত এই সন্দেহযুক্ত লোকসকলৰ সৈতে পাকিস্তানস্থিত হেণ্ডলাৰ আৰু মুম্বাইৰ আণ্ডাৰৱৰ্ল্ড নেটৱৰ্কৰ পোনপটীয়া সম্পৰ্ক থকাৰ কথা প্ৰকাশ পাইছে। সদৰী কৰা তথ্য অনুসৰি, ঠিক এমাহ পূৰ্বে ডাউদ ইব্ৰাহিমৰ ঘনিষ্ঠ সহযোগী মহম্মদ চেলিম দোলাক তুৰস্কৰ পৰা ভাৰতলৈ অনা হৈছিল। মুম্বাইৰ কুৰ্লা অঞ্চলত গ্ৰেপ্তাৰ হোৱা একাংশ অভিযুক্তৰ স্বীকাৰোক্তি আৰু তেওঁলোকৰ পৰা উদ্ধাৰ হোৱা ১২৬ কিলোগ্ৰামতকৈও অধিক ড্ৰাগছৰ সংযোগ অনুসৰণ কৰিয়েই আৰক্ষীয়ে এই সমগ্ৰ কূটাঘাতৰ পৰিকল্পনা ফাদিল কৰিবলৈ সক্ষম হয়। বৰ্তমান দিল্লী আৰক্ষীৰ স্পেচিয়েল চেলে এই গোটটোৰ আৰ্থিক উৎস, যোগান ব্যৱস্থা আৰু স্থানীয় সহযোগীসকলৰ সন্দৰ্ভত এক গভীৰ তদন্ত অব্যাহত ৰাখিছে। Share this:FacebookX Related Post navigation বেঙুনীয়া হব গুৱাহাটী মহানগৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰিলে, অসম এনডিএ ৩.০ চৰকাৰৰ বাবে মাৰ্গদৰ্শন বিচাৰিলে