ভাৰতৰ ক্ষুদ্ৰ ব্যৱসায় আৰু ফ্ৰিলান্সাৰ ৰূপে কৰ্মৰতসকলৰ বাবে এক ডাঙৰ সকাহ প্ৰদান কৰি এছএমই-ৰ বাবে দেশৰ আগশাৰীৰ বিত্তীয় ব্যৱস্থাপনা প্লেটফৰ্ম টাইডে ৰুপে-চালিত এক্সপেঞ্চ কাৰ্ডত নেচনেল কমন মবিলিটী কাৰ্ড(এনচিএমচি)ৰ সমৰ্থন বা সহযোগিতা আগবঢ়াইছে। এই একত্ৰিকৰণে ব্যৱহাৰকাৰীসকলক এখন কাৰ্ড ব্যৱহাৰ কৰিয়েই নিৰবিচ্ছিন্নভাৱে ভ্ৰমণ কৰিবলৈ আৰু ব্যৱসায়িক লেনদেন কৰিবলৈ সক্ষম কৰিছে-এতিয়া ভাৰতৰ প্ৰধান চহৰসমূহৰ মেট্ৰ’, বাছ, টোল আৰু পাৰ্কিং সকলোতে পেমেণ্ট সম্ভৱ কৰি তুলিছে। ভাৰত চৰকাৰৰ সমৰ্থনত এনচিএমচিৰ সুবিধাসমূহে টাইডৰ সদস্যসকলক টাইড এপৰ জৰিয়তে বাস্তৱ সময়ত টপ আপ আৰু বেলেঞ্চ পৰিচালনা কৰিবলৈ সুযোগ আগবঢ়াইছে। উদ্যোগী আৰু ব্যৱসায়িক গোটসমূহে এতিয়া এটা প্লেটফৰ্মৰ ভিতৰত নিজৰ ভ্ৰমণ, চালান আৰু ব্যয়ৰ পৰিশোধ আদি সকলোবোৰ পৰিচালনা কৰিব পাৰে, যাৰ ফলত একাধিক কাৰ্ড বা এপৰ প্ৰয়োজনীয়তা হ্ৰাস পায় বা নোহোৱা হৈ পৰে। টাইড ইণ্ডিয়াৰ ডেপুটি কাণ্ট্ৰী মেনেজাৰ কুমাৰ শেখৰে এই বিষয়ে সদৰি কৰি কয় যে, “এনচিএমচিৰ সহায়ত আমি নিৰবিচ্ছিন্ন ভ্ৰমণ আৰু ব্যৱসায়িক ব্যয় ব্যৱস্থাপনা সক্ষম কৰিছোঁ। এই উন্নীতকৰণে ভাৰতৰ গতিশীলতা নেটৱৰ্কত ব্যৱসায়িক গৰাকীসমূহে কেনেদৰে ভ্ৰমণ কৰিব পাৰে, ব্যয় পৰিচালনা কৰিব পাৰে আৰু নগদ ধনৰ প্ৰবাহ কেনেদৰে কৰিব পাৰে সেই সমগ্ৰ দিশটো ন ৰূপতৰ্নিৰ্ধাৰণ কৰিছে। ” ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহে স্থানীয় অৰ্থনীতিৰ মেৰুদণ্ড গঠন কৰা ৰাজ্যখনত এই সংহতিৰ ফলত গুৱাহাটী মহানগৰীৰ যাতায়ত আৰু আঞ্চলিক ব্যৱসায়িক ভ্ৰমণ দুয়োটাতে অন্বেষণ কৰা উদ্যোগীসকলৰ বাবে দৈনিক ভ্ৰমণ আৰু ব্যৱসায়িক কাৰ্য-কলাপ সুশৃংখলিত হ’ব বুলি আশা কৰা হৈছে। ২০২২ৰ শেষৰ ফালে ভাৰতত শুভাৰম্ভণিৰ পিছৰে পৰা টাইডৰ জনপ্ৰিয়তা-প্ৰসাৰ দ্ৰুতগতিত বৃদ্ধি পাইছে, এতিয়া ৮০০,০০০তকৈ অধিক ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগক সেৱা আগবঢ়াইছে — যি নিজৰ ১.৬ মিলিয়ন বিশ্বব্যাপী সদস্যৰ সিংহভাগ। Share this:FacebookX Related Post navigation অমৃতাৰ মিজোৰাম এছটিআই হাব মুকলিয়ে ষ্টাৰ্টআপ উদ্ভাৱন আৰু জনজাতীয় উদ্যোগীকৰণক ত্বৰান্বিত কৰে অতিমাত্ৰা বিলাহী খোৱাৰ ফলত হোৱা কিছুমান সমস্যা