পাকিস্তানৰ ৰক্তাক্ত কবলৰ পৰা পশ্চিমবংগক ৰক্ষা কৰাত মুখ্য ভূমিকা পালন কৰিছিল ড° শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে। – ১২৫সংখ্যক জন্মজয়ন্তী উপলক্ষে ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপকগৰাকীক শ্ৰদ্ধাঞ্জলি জনাই এই মন্তব্য কৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে।

সোমবাৰে লক্ষ্ণৌত আয়োজিত এক অনুষ্ঠানত ড° শ্যামাপ্ৰসাদ মুখাৰ্জীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰাৰ পিছত ভাষণ দি যোগীয়ে কয়, “ড° শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে পাকিস্তানৰ ৰক্তাক্ত কবলৰ পৰা ৰক্ষা কৰাত যি পশ্চিমবংগৰ বাবে মুখ্য ভূমিকা পালন কৰিছিল, সেই পশ্চিমবংগ এতিয়া ভাৰতীয় জনতা পাৰ্টীৰ শাসনত আছে। ডাবল ইঞ্জিন চৰকাৰে তেওঁৰ সৈতে জড়িত সকলো স্থান সংৰক্ষণ আৰু পুনৰুদ্ধাৰৰ কাম আগবঢ়াই নিছে।”

মুখাৰ্জীক ‘ভাৰত মাতাৰ মহান সন্তান’ আৰু ‘স্বাধীনতা সংগ্ৰামৰ অন্যতম যুঁজাৰু’ বুলি অভিহিত কৰি তেওঁক শ্ৰদ্ধাঞ্জলি জনায় যোগী আদিত্যনাথে।

ইফালে, দিল্লীত বিজেপিৰ সাংসদ মনোজ তিৱাৰীয়ে কয়, “১৯৪৮ চনত ড° শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে দেশৰ আগত দাঙি ধৰা ঔদ্যোগিক নীতি আত্মনিৰ্ভৰশীলতাৰ আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত আছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজিও সেই আদৰ্শকে আগবঢ়াই নি দেশ আৰু দেশবাসীৰ উন্নয়নৰ বাবে কাম কৰি আছে।”

দিল্লী বিধানসভাৰ অধ্যক্ষ বিজেন্দ্ৰ গুপ্তাইও মুখাৰ্জীক শ্ৰদ্ধাঞ্জলি জনাই কয়, “দেশৰ অখণ্ডতাৰ বাবে ড° শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে সৰ্বস্ব ত্যাগ কৰিছিল। প্ৰায় ৭৫ বছৰ পূৰ্বে তেওঁ আগবঢ়োৱা দৃষ্টিভংগী এতিয়া বাস্তৱায়িত হৈছে। ৩৭০ অনুচ্ছেদ সম্পূৰ্ণৰূপে বাতিল কৰা হৈছে আৰু কাশ্মীৰৰ জনসাধাৰণে নতুন অধ্যায়ৰ সাক্ষী হৈছে।”

ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও সামাজিক মাধ্যম এক্সত শ্ৰদ্ধাঞ্জলি জনাই ড° শ্যামাপ্ৰসাদ মুখাৰ্জীক “ভাৰতৰ অন্যতম শ্ৰেষ্ঠ ৰাষ্ট্ৰ নিৰ্মাতা” বুলি অভিহিত কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাষ্ট্ৰীয় ঐক্য, শিক্ষা আৰু ঔদ্যোগিক বিকাশৰ ক্ষেত্ৰত তেওঁৰ অৱদান আজিও বিকশিত ভাৰত গঢ়াৰ যাত্ৰাত প্ৰেৰণাৰ উৎস হৈ আছে।

১৯০১ চনৰ ৬ জুলাই কলকাতাত জন্মগ্ৰহণ কৰা ড° শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে ১৯৫১ চনত ভাৰতীয় জনসংঘ প্ৰতিষ্ঠা কৰিছিল। এই সংগঠনকেই পিছলৈ ভাৰতীয় জনতা পাৰ্টীৰ আদৰ্শগত পূৰ্বসূৰী হিচাপে গণ্য কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *