পাকিস্তানৰ কেন্দ্ৰীয় বেংকে লাভ কৰিছে চৌদি আৰৱৰ বিত্ত মন্ত্ৰালয়ৰ পৰা ১ বিলিয়ন মাৰ্কিন ডলাৰ। ষ্টেট বেংক অৱ পাকিস্তানে এই ঘোষণা কৰিছে। ষ্টেট বেংক অৱ পাকিস্তানে কয় যে চৌদি আৰৱৰ বিত্ত মন্ত্ৰালয়ৰ পৰা ১ বিলিয়ন মাৰ্কিন ডলাৰ লাভ কৰা হৈছে। এই ধন ২০২৬ চনৰ ২০ এপ্ৰিলত বেংকৰ একাউণ্টত জমা কৰা হৈছিল। লগতে কয় যে চৌদি আৰৱৰ সৈতে শেহতীয়াকৈ স্বাক্ষৰিত ৩ বিলিয়ন ডলাৰৰ চুক্তিৰ এইটো দ্বিতীয় কিস্তি। প্ৰথম কিস্তি আছিল ২ বিলিয়ন ডলাৰ, যিটো ২০২৬ চনৰ ১৫ এপ্ৰিলত বেংকটোৱে লাভ কৰিছিল। ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে পাকিস্তানৰ কেন্দ্ৰীয় বেংকে চৌদি আৰৱৰ পৰা ২ বিলিয়ন মাৰ্কিন ডলাৰ লাভ কৰাটো নিশ্চিত কৰে। যি সময়ত পাকিস্তানৰ বৈদেশিক মুদ্ৰাৰ মজুত হেঁচাত পৰিছে সেই সময়ত এই ধনৰাশি লাভ কৰিছে।উল্লেখযোগ্য যে ছৌদি আৰবে পাকিস্তানৰ বাবে ৫ বিলিয়ন ডলাৰৰ জমা সুবিধা তিনি বছৰৰ বাবে বৃদ্ধি কৰিছিল। ইয়াৰ উপৰিও পৃথক ৩ বিলিয়ন ডলাৰ জমা কৰাৰ প্ৰতিশ্ৰুতিও দিছিল। Share this:FacebookX Related Post navigation সংবাদ মাধ্যমৰ ওপৰত শাসক গোষ্ঠীৰ পৰিকল্পিত আক্ৰমণৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত নাগৰিক সভা সম্পন্ন ৰাহুল গান্ধীৰ নাগৰিকত্বৰ গোচৰত নতুন মোৰ; লক্ষ্ণৌ বিচাৰপীঠৰ ন্যায়াধীশ সুভাষ বিদ্যাৰ্থীৰ অব্যাহতি