সংবাদ মাধ্যমৰ ওপৰত শাসকগোষ্ঠীয়ে চলাই অহা পৰিকল্পিত আৰু ধাৰাবাহিক আক্ৰমণৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ আহ্বান মৰ্মে ১৯ এপ্ৰিলত গুৱাহাটীৰ সাহিত্যচাৰ্য লক্ষ্মীৰাম বৰুৱা সদনত এখন নাগৰিক সভা অনুষ্ঠিত হয়। প্ৰাক্তন সাংসদ অজিত কুমাৰ ভূঞা, লেখিকা মাইনী মহন্ত আৰু অধিবক্তা শান্তনু বৰঠাকুৰৰ সভাপতিত্বত অনুষ্ঠিত নাগৰিক সভাখনৰ আৰম্ভণিতে সকলোকে আদৰণি জনায় গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি খগেন কলিতাই আৰু উদ্দেশ্য বাখ্যা কৰে সাধাৰণ সম্পাদক অমৰেন্দ্ৰ ডেকাই। সভাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ডেৰ শতাধিক নাগৰিকৰ লগতে ভিন্ন ৰাজনৈতিক আৰু অৰাজনৈতিক দল সংগঠনৰ প্ৰতিনিধি আৰু বহুসংখ্যক সাংবাদিকেও অংশগ্ৰহণ কৰে। শাৰীৰিক অসুস্থতাৰ বাবে সভাত উপস্থিত থাকিব নোৱাৰা ৰাজ্যৰ বিশিষ্ট বুদ্ধিজীৱী ডঃ হীৰেণ গোহাঁয়ে তেওঁৰ লিখিত উদ্বোধনী ভাষণত অসমৰ সংবাদ মাধ্যমে যি সংকট আৰু প্ৰত্যাহ্বানৰ সম্মুখীন হৈছে, তাক অসমৰ সচেতন দায়িত্বশীল নাগৰিক সমাজে ঐক্যবদ্ধ ভাৱে প্ৰতিৰোধ কৰি গণতন্ত্ৰ ৰক্ষা কৰিব লাগিব বুলি মত প্রকাশ কৰে। ডঃ গোহাঁয়ে সংবাদ মাধ্যমৰ ওপৰত শাসক গোষ্ঠীয়ে নমাই অনা আক্ৰমণৰ বিৰুদ্ধে জনমত গঠনৰ বাবে গুৱাহাটী প্ৰেছ ক্লাবে হাতত লোৱা প্রচেষ্টাক ভূয়সী প্রশংসা কৰাৰ লগতে নাগৰিক সমাজক এই প্ৰচেষ্টাৰ অংশীদাৰ হ’বলৈ আহ্বান জনায়। সভাত অংশগ্ৰহণ কৰি ৰাজ্যৰ বিশিষ্ট আইনজীৱি , মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সম্পৰ্কীয় মোমায়েক অনিল কুমাৰ ভট্টাচাৰ্যই আক্ষেপ প্ৰকাশ কৰি কয় যে ৰাইজে বনোৱা নেতাক ৰাইজেই ৰাজপথলৈ নমাই আনিব। আজি তেওঁক ঘৰৰ বুলি কবলৈ লাজ লাগে। ক্ষমতাৰ পৰা আতৰি আহিব লগা হলেই তেওঁ ৰাজপথত ঘুৰি ফুৰিব লাগিব। সভাত ৰাজ্যৰ আন এগৰাকী জ্যেষ্ঠ অধিবক্তা অৰূপ বৰবৰাই শেহতীয়া সময়ছোৱাত সমগ্র দেশৰে সংবাদ মাধ্যমৰ ওপৰত বিজেপি চৰকাৰে চলাই অহা আক্ৰমণৰ বিস্তৃত বিৱৰণ দাঙি ধৰি কয় যে শাসক গোষ্ঠীৰ প্ৰত্যক্ষ আৰু পৰোক্ষ উদগণিত এই আক্রমণ সংঘটিত হৈছে। গুৱাহাটী প্ৰেছ ক্লাৱৰ নতুন নিৰ্মাণৰ বাবে অতি কমেও তিনি বিঘা ভূমি আবন্টনৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাবলৈ এখন ভূমি দাবী সমিতি গঠনৰো পোষকতা কৰে বৰবৰাই। সভাত আনহাতে ৰাজ্যৰ বিশিষ্ট সাংবাদিক হাইদৰ হুছেইনে ভাষণ প্ৰসংগত কয় যে সাংবাদিক আৰু সংবাদ মাধ্যমৰ এই দুঃসময়ৰ বাবে নাগৰিক সমাজো বহু পৰিমাণে জগৰীয়া । সংবাদ মাধ্যমেও নিজক সংশোধন কৰিব লাগিব আৰু তাৰ বাবে নাগৰিক সমাজেও আগবাঢ়ি আহিব লাগিব । সভাত সংবাদ মাধ্যমৰ ওপৰত চলা আক্ৰমণৰ গৰিহণা দি সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক টুটুমণি কলিতাই ভাষণত সংবাদ মাধ্যমৰ প্ৰশ্নৰ মুখামুখি হোৱাৰ সাহস নাথাকিলে মূখ্যমন্ত্রীয়ে সংবাদ মাধ্যমৰ পৰা আঁতৰি থকা ভাল বুলি মন্তব্য কৰে। ইফালে গুৱাহাটী প্ৰেছ ক্লাৱে সংবাদ মাধ্যমৰ স্বাধীনতা ৰক্ষাৰ বাবে গ্রহণ কৰা পদক্ষেপলৈ সমর্থন আগবঢ়াই প্ৰেছ ক্লাৱ ইণ্ডিয়াৰ সভাপতি সংগীতা বৰুৱা পিছাৰ’টিয়ে লিখিত বাৰ্তা প্ৰেৰণ কৰে। সভাত ভাগ লৈ প্ৰাক্তন সাংসদ কিৰিপ চলিহা, ৰাইজৰ দলৰ সভাপতি, বিধায়ক অখিল গগৈ, অসম জাতীয় পৰিষদৰ প্ৰতিনিধি কুনকী চৌধুৰী, অসম প্রদেশ কংগ্ৰেছ কমিটিৰ সংবাদ বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰা, চি পি আই এমৰ নেতা ইছফাকুৰ ৰহমান, বাৰ্তাজীবি সংঘৰ অসম ৰাজ্যিক কমিটীৰ সাধাৰণ সম্পাদক অঞ্জন কুমাৰ শৰ্মা , ঈশান নিউজৰ মুখ্য সম্পাদক সুশীল পাটোৱাৰী, নৰ্থ ইষ্ট নাওৰ মূখ্য সম্পাদক পৰেশ মালাকাৰে ভাষণ প্ৰসংগত সংবাদ মাধ্যমৰ স্বাধীনতা , খৰ্ব হোৱা কাৰ্যত গভীৰ উদ্বেগ প্ৰকাশ কৰি অনীতিৰ বিৰুদ্ধে সাংবাদিকে ব্যাপক ৰূপত প্ৰতিৰোধ গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। সভাত দৈনিক জনমভূমি কাকতৰ মুখ্য সম্পাদক সঞ্জীৱ কুমাৰ ফুকন, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সহকাৰী সাধাৰণ সম্পাদক প্ৰাগজ্যোতিষ বণিয়া, বিশিষ্ট করি ইছমাইল হুছেইন, সুলেখিকা ৰমিছা বেগম, লয়নু বৰা, দ্বিজেন ভট্টাচার্য (অকনি), সুনীল নায়ক, মৌচম হাজৰিকা, সদৌ অসম সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক নকুল তালুকদাৰকে ধৰি ভালে সংখ্যক ব্যক্তি উপস্থিত থাকে। আনহাতে সভাত উপস্থিত সকলোৱে সংবাদ মাধ্যমক গণতন্ত্ৰৰ আত্মা আখ্যা দি যিকোনো মূল্যৰ বিনিময়ত সংবাদ মাধ্যমৰ স্বাধীনতাৰ পক্ষত থিয় হবলৈ সকলো শ্ৰেণীৰ ৰাইজক আহ্বান জনাই প্ৰস্তাৱ গ্ৰহণ কৰে। Share this:FacebookX Related Post navigation কামাখ্যা মন্দিৰত বিশ্ব ঐতিহ্য দিৱস উদযাপন: