North East Zone Cultural Centre-ৰ উদ্যোগত আৰু Nirbaak-ৰ সহযোগিতাত বিশ্ব ঐতিহ্য দিৱস উপলক্ষে আজি গুৱাহাটীৰ কামাখ্যা মন্দিৰ প্ৰাঙ্গনত এক সমন্বিত স্বচ্ছতা অভিযান আৰু মূকাভিনয় প্ৰদৰ্শিত হয়।
কাৰ্যসূচীৰ মূল উদ্দেশ্য আছিল স্বচ্ছতা আৰু পৰিৱেশ সংৰক্ষণৰ প্ৰতি জনসাধাৰণৰ মাজত অধিক সচেতনতা সৃষ্টি কৰা। এই উপলক্ষে আয়োজিত চাফাই অভিযানত অংশগ্ৰহণকাৰীসকলে মন্দিৰ চৌহদত পৰিস্কাৰ-পৰিচ্ছন্নতাৰ এক দায়িত্বশীল দৃষ্টান্ত স্থাপন কৰে।
ইয়াৰ লগতে, যুৱ মুকাভিনেতা মিনাংক ডেকাৰ পৰিচালনাত ‘স্বচ্ছতা’ শীৰ্ষক এক সাৰগৰ্ভিত মূকাভিনয় প্ৰদৰ্শন কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *