ইয়াৰ থাইলেণ্ড অ’পেন ছুপাৰ ৫০০ টুৰ্ণামেণ্টত মঙলবাৰে পুৰুষৰ ডাবলছৰ এক ৰোমাঞ্চকৰ উদ্বোধনী খেলত শীৰ্ষ বাছনিপ্ৰাপ্ত সাত্বিকসাইৰাজ ৰেংকিৰেডী আৰু চিৰাগ চেট্টীয়ে ইণ্ডোনেছিয়াৰ মুহ পুত্ৰ এৰুয়ানছ্যাহ আৰু বাগাস মৌলানাক পৰাস্ত কৰে। বিশ্বৰ ৪ নম্বৰ স্থানত থকা ভাৰতীয় যুটীটোৱে ৬৪ মিনিটত ১৯-২১, ২৩-২১, ২১-১০ ব্যৱধানত এই জয় সাব্যস্ত কৰে | দ্বিতীয় গেমত ভাৰতীয় যুটীটো ১১-১৬ ব্যৱধানত পিছ পৰি আছিল যদিও একেৰাহে সাতটা পইণ্ট অৰ্জন কৰি তেওঁলোকে খেললৈ ঘূৰি আহে। ইণ্ডোনেছিয়াৰ যুটীটোৱে ১৮-১৮ লৈকে যুঁজ দিছিল যদিও সাত্বিক আৰু চিৰাগে ধৈৰ্য্য ধৰি খেলখন সমতালে আনে। নিৰ্ণায়ক তৃতীয় গেমটোত ভাৰতীয় যুটীটোৱে নিজৰ আধিপত্য বিস্তাৰ কৰে। তেওঁলোকে বিৰতিলৈকে ১১-৫ ৰ অগ্ৰগতি লাভ কৰিছিল আৰু পৰৱৰ্তী সময়ত সহজ জয় নিশ্চিত কৰে। পৰৱৰ্তী খেলত ভাৰতীয় যুটীটো মালয়েছিয়াৰ ব্ৰায়ান জেৰেমি গুণ্টিং আৰু মহম্মদ হাইকালৰ মুখামুখি হ’ব।ইয়াৰ পূৰ্বে যোগ্যতা নিৰ্ণায়ক মেচত মালয়েছিয়াৰ অলিম্পিক ব্ৰঞ্জ বিজয়ী লী জি জিয়াই ভাৰতৰ মানৱ চৌধুৰীক ২১-১৯, ২১-১৮ ব্যৱধানত পৰাস্ত কৰে। মিশ্ৰিত ডাবলছত ভাৰতৰ এম জাগলান আৰু এল জাগলান চীনা টাইপেইৰ চাই ফু চেং আৰু চুং ইউ চুয়ানৰ হাতত ১১-২১, ১৮-২১ ব্যৱধানত পৰাস্ত হয়। মহিলাৰ একক শাখাত থাইলেণ্ডৰ ৱাই কেটেকলিয়েঙে ভাৰতৰ এ শ্বাহপুৰকাৰক ২১-৫, ২১-৭ ব্যৱধানত পৰাস্ত কৰে। Share this:FacebookX Related Post navigation ডেম্বেলে লাভ কৰিলে লিগ-১ ৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান বৰষুণ বিঘ্নিত ছেমিফাইনেলত তিনিচুকীয়াৰ বিৰুদ্ধে গুৱাহাটীৰ স্থিতি মজবুত