পেৰিছ চেইণ্ট জাৰ্মেইনৰ ফৰৱাৰ্ড ওচমান ডেম্বেলেয়ে একেৰাহে দ্বিতীয় বছৰৰ বাবে লিগ-১ ৰ ‘প্লেয়াৰ অফ দ্য ছিজন’ বঁটা লাভ কৰিছে। ডেম্বেলেৰ এই জয়েৰে পি এছ জিৰ কোনো খেলুৱৈয়ে একেৰাহে ১০ম বাৰৰ বাবে এই সন্মান দখল কৰিলে। ইয়াৰ পূৰ্বে কিলিয়ান এমবাপেয়ে ৰিয়েল মাদ্রিদত যোগদান কৰাৰ আগতে একেৰাহে পাঁচবাৰ এই বঁটা জিকিছিল।
যোৱা ছিজনত ডেম্বেলে পি এছ জিৰ হৈ ২১ টা গ’ল দিছিল আৰু বেলন ডি অ’ৰ (Ballon d’Or) লাভ কৰিছিল। অৱশ্যে আঘাতৰ বাবে এই ছিজনত তেওঁৰ প্ৰভাৱ কিছু কম আছিল আৰু বৰ্তমানলৈকে ১০ টা গ’ল দিছে। আনহাতে, পি এছ জিৰ সতীৰ্থ ডেজিৰ ডুয়ে (Desire Doue) একেৰাহে দ্বিতীয়টো ছিজনৰ বাবে লিগৰ শ্ৰেষ্ঠ যুৱ খেলুৱৈ হিচাপে নিৰ্বাচিত হৈছে। ৩০ মে’ত হ’বলগীয়া ফাইনেলত পি এছ জিয়ে প্ৰিমিয়াৰ লিগৰ শীৰ্ষ দল আৰ্চেনেলৰ বিৰুদ্ধে খেলিব।

By Tarali

Leave a Reply

Your email address will not be published. Required fields are marked *