মঙলবাৰে লতাশিল খেলপথাৰত অনুষ্ঠিত ১৯ সংখ্যক ধন সেনা সিনহা সোঁৱৰণী জুনিয়ৰ প্ৰাইজ মানি আমন্ত্ৰণমূলক আন্তঃ বিদ্যালয়/আন্তঃ কোচিং কেন্দ্ৰ ক্ৰিকেট প্ৰতিযোগিতাৰ উদ্বোধনী খেলখনত আইকন ক্ৰিকেট একাডেমীয়ে গুৰডন চি এ (বি)-ৰ বিৰুদ্ধে ৯ উইকেটত এক সহজ জয় সাব্যস্ত কৰে। ৰিভাৰ ৰাইন ক্ৰিকেট কোচিং কেন্দ্ৰৰ দ্বাৰা এই প্ৰতিযোগিতাখন আয়োজন কৰা হৈছে। ৩৫ অভাৰৰ খেলখনত গুৰডন চি এ (বি)-য়ে টছত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় যদিও মাত্ৰ ২২.৪ অভাৰত ৬৩ ৰাণতে অল আউট হয়। ধ্ৰুপদে সৰ্বাধিক ১৩ ৰাণ সংগ্ৰহ কৰে। আইকন ক্ৰিকেট একাডেমীৰ হৈ হবিষ শৰ্মা আৰু আয়ুষ মালোৱে চমকপ্ৰদ বলিং কৰি প্ৰতিজনে ৩ টাকৈ উইকেট দখল কৰে। প্ৰত্যুত্তৰত আইকন ক্ৰিকেট একাডেমীয়ে ১১.৪ অভাৰত এজন উইকেট হেৰুৱাই লক্ষ্যত উপনীত হয়। হিমানজ্যোতি বৰুৱাই ৩৩ ৰাণ আৰু ৰজত বাফনাই ১৪ ৰাণ কৰি অপৰাজিত হৈ থাকে। হবিষ শৰ্মাক তেওঁৰ সুন্দৰ বলিং প্ৰদৰ্শনৰ বাবে ‘মেন অফ দ্য মেচ’ ঘোষণা কৰা হয়। বুধবাৰে পৰৱৰ্তী খেলখনত নৱৰত্ন চি এ আৰু ডব্লিউ আৰ এন ই (WRNE) মুখামুখি হ’ব। Share this:FacebookX Related Post navigation চকুপানী, শিক্ষা আৰু আশা: ভৱিষ্যতৰ বিশ্বাস লৈ ভাৰতীয় অনুৰ্ধ-১৭ ফুটবল খেলুৱৈসকলৰ প্ৰত্যাৱৰ্তন ডেম্বেলে লাভ কৰিলে লিগ-১ ৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান