ভাৰতৰ সৰ্ববৃহৎ কনজিউমাৰ ইলেক্ট্ৰনিকছ ব্ৰেণ্ড চেমচাঙে মুকলি কৰিলে এআই ইক’বাবলটিএম সম্পূৰ্ণ স্বয়ংক্ৰিয় ফ্ৰণ্ট লোড ৱাশ্বিং মেচিনৰ এক নতুন ৰেঞ্জ। এই নতুন ৰেঞ্জৰ ৱাশ্বিং মেচিনসমূহ ১১ কেজি ছেগমেণ্টৰ প্ৰথমবিধ সামগ্ৰী, যিয়ে এআই ৱাশ্ব, কিউ-ড্ৰাইভটিএম আৰু অটো ডিচপেন্সৰ দৰে উন্নত সুবিধাৰ সৈতে উপলব্ধ। এই ৱাশ্বিং মেচিনে কাপোৰ ধোৱাৰ কাম ৫০% দ্ৰুতভাৱে কৰি তোলে, লগতে ৪৫.৫% উন্নত কাপোৰৰ যত্ন প্ৰদান কৰাৰ লগতে ৭০লৈকে % অধিক শক্তি-দক্ষতাৰে কাম সম্পন্ন কৰে।

চেমচাঙৰ এআই ইকোবাবলটিএম হৈছে কিউ-বাবল আৰু কুইক-ড্ৰাইভ প্ৰযুক্তিৰ সংমিশ্ৰণ, যিয়ে কাপোৰ ধোৱাৰ কাৰ্যক্ষমতা আৰু সময়ৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে। কিউ-কোবাবলটিএমে দ্ৰুততাৰে ডিটাৰজেণ্ট প্ৰৱেশ বা মিশ্ৰণৰ বাবে বুদবুদ সৃষ্টি কৰি কুইক ড্ৰাইভে ধোৱাৰ সময় ৫০% পৰ্যন্ত হ্ৰাস কৰে। এই বহনক্ষম আৰু কাৰ্যক্ষম প্ৰযুক্তিয়ে জল সংৰক্ষণ আৰু শক্তি সংৰক্ষণত যথেষ্ট অৰিহণা যোগায়। চেমচাং ইণ্ডিয়াৰ ডিজিটেল এপ্লায়েন্স বিজনেছৰ জ্যেষ্ঠ সঞ্চালক পুষপ বৈশাখিয়াই কয় যে, “১১ কেজি ওজনৰ সম্পূৰ্ণ স্বয়ংক্ৰিয় ফ্ৰণ্ট লোড ৱাশ্বিং মেচিন ছেগমেণ্টৰ আমাৰ প্ৰথম ৰেঞ্জ অতি শক্তি-দক্ষ আৰু সময়োপযোগী। অটো ডিচপেন্স, এআই ৱাছ আৰু কিউ-ড্ৰাইভটিএমৰ দৰে সুবিধাসমূহে কাপোৰ ধোৱা কাম এতিয়া সহজ আৰু সুলভ কৰি তোলাত অৰিহণা যোগাইছে।”

নতুন এআই ইক’বাবলটিএম ৱাছিং মেচিনত এআই ৱাশ্বৰ সুবিধা আছে, যিয়ে দ্ৰুত আৰু দক্ষ ফলাফল নিশ্চিত কৰি ৱাশ্ব লোড, পানীৰ স্তৰ, কাপোৰৰ কোমলতা, মাটিৰ স্তৰ আৰু ডিটাৰ্জেণ্টসমূহ দক্ষতাৰে চিনাক্ত কৰে। এই মেচিনটোৱে সুবিধাজনকভাৱে নিৰীক্ষণ আৰু নিয়ন্ত্ৰণৰ বাবে ৱাই-ফাই প্ৰযুক্তিৰ সৈতে উপলব্ধ, যিয়ে জল আৰু শক্তি সংৰক্ষণত গুৰুত্বপূৰ্ণ অৰিহণা যোগায়।

Leave a Reply

Your email address will not be published. Required fields are marked *