পশ্চিমবংগত বিধানসভা নিৰ্বাচনৰ ডংকা বাজিবলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাতে ৰাজ্যপাল চি ভি আনন্দ বসুৱে নিজৰ পদৰ পৰা পদত্যাগ কৰে। বৃহস্পতিবাৰে সন্ধিয়া নতুন দিল্লীত এক আকস্মিক ঘোষণাৰ জৰিয়তে ৰাজ্যপালগৰাকীয়ে পদত্যাগ কৰাৰ কথা ৰাজহুৱা কৰে। ২০২২ চনৰ ১৭ নৱেম্বৰৰ পৰা তেওঁ পশ্চিমবংগৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল।

পদত্যাগৰ সিদ্ধান্ত সন্দৰ্ভত চি ভি আনন্দ বসুৱে সংবাদ মাধ্যমৰ আগত কয়, “হয় মই পদত্যাগ কৰিছোঁ। মই ৩ বছৰৰো অধিক সময় পশ্চিমবংগৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিলোঁ আৰু মোৰ বাবে এয়াই যথেষ্ট।”

তেওঁ অৱশ্যে এই আকস্মিক পদত্যাগৰ নেপথ্যত কোনো ৰাজনৈতিক হেঁচা আছিল নেকি, সেই বিষয়ে কোনো স্পষ্টীকৰণ দিয়াৰ পৰা বিৰত থাকে।

মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে নিশ্চিত কৰা অনুসৰি বসুৰ পদত্যাগৰ পাছত তামিলনাডুৰ ৰাজ্যপাল আৰ এন ৰবিয়ে পশ্চিমবংগৰ অতিৰিক্ত দায়িত্ব গ্ৰহণ কৰিব। চৰকাৰী এক সূত্ৰৰ জৰিয়তে এই কথা উল্লেখ কৰি মমতাই সামাজিক মাধ্যমত লিখে যে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ পৰা লাভ কৰা খবৰ অনুসৰি আৰ এন ৰবিয়ে নতুন ৰাজ্যপাল হিচাপে কাৰ্যভাৰ চম্ভালিব।

নিৰ্বাচন আয়োগে যিকোনো মুহূৰ্ততে ৰাজ্যখনত ভোটগ্ৰহণৰ দিন ঘোষণা কৰাৰ সম্ভাৱনা থকাৰ সময়তে ৰাজ্যপালৰ এনে পদক্ষেপে ৰাজনৈতিক মহলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত কোনো গুৰুতৰ কাৰণ নোহোৱাকৈ ৰাজ্যপালে লোৱা এই সিদ্ধান্তই এতিয়া ৰাজ্যবাসীৰ মনত বিভিন্ন ৰহস্যৰ অৱতাৰণা কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *