দৰিদ্ৰ পৰিয়ালৰ সন্তান বুলিয়েই চাৰি বছৰীয়া ধৰ্ষণৰ বলি শিশুটিক চিকিৎসাৰ পৰা বঞ্চিত কৰা হৈছিল। – গাজিয়াবাদৰ দুখন ব্যক্তিগত হাস্পতালক তীব্ৰ ভৰ্ৎসনা কৰি এই মন্তব্য কৰে উচ্চতম ন্যায়ালয়ে। একে সময়তে, চিকিৎসকৰ মানৱীয় দায়িত্ব পালনত ব্যৰ্থ হ’লে নামৰ আগত ‘ডাক্তৰ’ শব্দটো ব্যৱহাৰ কৰাৰো অধিকাৰ নাই বুলিও স্পষ্ট কৰি দিয়ে দেশৰ সৰ্বোচ্চ আদালতে। চাৰি বছৰীয়া ধৰ্ষণৰ বলি এগৰাকী শিশুক ভৰ্তি কৰিবলৈ অস্বীকাৰ কৰাৰ ফলত মৃত্যু হোৱা বুলি উত্থাপিত এক অভিযোগৰ শুনানিৰ সময়ত মুখ্য ন্যায়াধীশ সূৰ্যকান্তৰ নেতৃত্বাধীন বিচাৰপীঠে এই কঠোৰ মন্তব্য আগবঢ়ায়। আদালতে কয় যে, এই ঘটনা কেৱল চিকিৎসাৰ ব্যৰ্থতা নহয়, মানৱতাৰ প্ৰতি এক লজ্জাজনক নজিৰ। চিকিৎসাৰ সকলো সুবিধা নাথাকিলেও শিশুটিক প্ৰাথমিক চিকিৎসা দি উপযুক্ত হাস্পতাললৈ স্থানান্তৰ কৰাৰ দায়িত্ব চিকিৎসালয়ৰ আছিল বুলি মন্তব্য কৰে বিচাৰপীঠে। মুখ্য ন্যায়াধীশে কয়, “যদি নিজৰ দায়িত্বই পালন নকৰে, তেন্তে নামৰ আগত ‘ডাক্তৰ’ শব্দটো আঁতৰাই দিয়ক।” আদালতে লগতে কয়, “সুবিধা নাথাকিলেও শিশুটিক চিকিৎসা সেৱা আগবঢ়াই আন এখন উপযুক্ত হাস্পতাললৈ প্ৰেৰণ কৰিব লাগিছিল।” ইফালে, শিশুটিৰ পৰিয়ালক স্বেচ্ছাই আৰ্থিক সাহায্য আগবঢ়াবলৈ সংশ্লিষ্ট দুখন ব্যক্তিগত হাস্পতালক নিৰ্দেশ দিয়ে উচ্চতম ন্যায়ালয়ে। এই নিৰ্দেশ পালন নকৰিলে জৰিমনা আৰোপ কৰা হ’ব বুলিও আদালতে সকীয়াই দিয়ে। উল্লেখ্য যে, ধৰ্ষণৰ বলি হোৱা চাৰি বছৰীয়া শিশুগৰাকীক গাজিয়াবাদৰ দুখন ব্যক্তিগত হাস্পতালে ভৰ্তি কৰিবলৈ অস্বীকাৰ কৰাৰ অভিযোগ উঠিছিল। পাছত আন এখন চিকিৎসালয়ত শিশুগৰাকীক মৃত ঘোষণা কৰা হয়। এই ঘটনাক কেন্দ্ৰ কৰিয়েই উচ্চতম ন্যায়ালয়ত শুনানি অনুষ্ঠিত হয়। Share this:FacebookX Related Post navigation ‘থ্ৰী ইডিয়টছ’ৰ ৰেঞ্চ’ সোণম ৱাংচুক নহয়! অনশন ভংগৰ আহ্বান আমিৰ খানৰ