বিগত ২০ দিন ধৰি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত অনশন অব্যাহত ৰাখিছে বিশিষ্ট পৰিৱেশকৰ্মী আৰু শিক্ষাবিদ সোণম ৱাংচুকে। তেওঁৰ স্বাস্থ্য ক্ৰমাৎ অৱনতি ঘটাৰ সময়তে এইবাৰ অনশন ভংগ কৰাৰ আহ্বান জনালে বলীউডৰ অভিনেতা আমিৰ খানে। একে সময়তে বহু বছৰ ধৰি চলি অহা এটা জনপ্ৰিয় ধাৰণাও খাৰিজ কৰি অভিনেতাগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে, ‘থ্ৰী ইডিয়টছ’ ছবিৰ ফুনছুখ ৱাংগ্ৰু বা ৰেঞ্চ’ চৰিত্ৰটো সোণম ৱাংচুকৰ জীৱনৰ আধাৰত সৃষ্টি কৰা হোৱা নাছিল। লণ্ডন ইণ্ডিয়ান ফিল্ম ফেষ্টিভেলত আয়োজিত এক অনুষ্ঠানত এই মন্তব্য কৰে আমিৰ খানে। তেওঁৰ ভাষাত, “বহুতে ভাবে ‘থ্ৰী ইডিয়টছ’ ছবিখন সোণম ৱাংচুকৰ জীৱনৰ ওপৰত আধাৰিত। এই ধাৰণা সম্পূৰ্ণ ভুল। ছবিখনৰ চিত্ৰনাট্য লিখা সময়ত আমি সোণম ৱাংচুকৰ বিষয়ে একো জনা নাছিলোঁ। মই ব্যক্তিগতভাৱেও তেওঁক চিনি পোৱা নাছিলোঁ।” তেওঁ লগতে কয়, “অৱশ্যে সোণম ৱাংচুকে যি কাম কৰি আছে, সেয়া একেবাৰে সঠিক। তেওঁ অনশন কৰি আছে। কিন্তু এতিয়া বহুতে বিচাৰে যে, তেওঁ এই অনশন ভংগ কৰক। কাৰণ তেওঁৰ স্বাস্থ্য দ্ৰুতগতিত অৱনতি ঘটিছে।” এই মন্তব্যৰে সহ-অভিনেতা অ’মি বৈদ্যই শেহতীয়াকৈ কৰা দাবীও নস্যাৎ কৰে আমিৰে। ‘থ্ৰী ইডিয়টছ’ত ‘চতুৰ ৰামলিংগম’ৰ চৰিত্ৰত অভিনয় কৰা অ’মি বৈদ্যই সামাজিক মাধ্যমত এটা ভিডিঅ’ প্ৰকাশ কৰি ৰেঞ্চ’ চৰিত্ৰটো সোণম ৱাংচুকৰ জীৱনৰ পৰা অনুপ্ৰাণিত বুলি দাবী কৰাৰ লগতে তেওঁৰ আন্দোলনলৈ সমৰ্থন জনাইছিল। আমিৰ খানে সেই প্ৰসংগত স্পষ্টভাৱে কয়, “চতুৰে ভিডিঅ’টোত কোৱা কথাখিনি শুদ্ধ নহয়।” সোণম ৱাংচুকৰ কৰ্মৰ প্ৰশংসা কৰি অভিনেতাগৰাকীয়ে কয়, “তেওঁৰ কামক সন্মান কৰিবলৈ ‘থ্ৰী ইডিয়টছ’ৰ কোনো চৰিত্ৰৰ সৈতে সংযোগ স্থাপন কৰাৰ প্ৰয়োজন নাই। তেওঁ নিজৰ কৰ্মৰ বাবেই সন্মানৰ যোগ্য।” উল্লেখ্য যে, যন্তৰ মন্তৰত চলি থকা অনশনৰ ফলত সোণম ৱাংচুকৰ ওজন ৮ৰ পৰা ৯ কিলোগ্ৰামলৈ হ্ৰাস পোৱাৰ লগতে ৰক্তচাপ আৰু ৰক্তত শৰ্কৰাৰ মাত্ৰাও উদ্বেগজনকভাৱে কমি অহা বুলি জানিব পৰা গৈছে। এই পৰিস্থিতিত বিভিন্ন মহলৰ লগতে আমিৰ খানেও তেওঁৰ জীৱন আৰু স্বাস্থ্যক অগ্ৰাধিকাৰ দি অনশন ভংগ কৰিবলৈ আহ্বান জনাইছে। Share this:FacebookX Related Post navigation মহাসংযোগ! ১৯ বছৰ পূৰ্বে ফটোশ্বুটত গা ধুৱাই দিয়া সেই কণমানিৰ বিৰুদ্ধেই বিশ্বকাপ ফাইনেলত অৱতীৰ্ণ হ’ব মহাতাৰকা মেছি