কেন্দ্রীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চি আৰ পি এফৰ ৮৮ সংখ্যক প্ৰতিষ্ঠা দিৱস গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণীস্থিত ১৭৫ নং চি আৰ পি এফ বেটেলিয়ানৰ মুখ্য কাৰ্যালয় চৌহদত আজি দিনজোৰা কাৰ্য্যসূচীৰে অতি উলহ-মালহেৰে উদ্যাপন কৰা হয়। উল্লেখ্য যে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী সম্পর্কীয় ইতিহাস হ’ল ১৯৩৯ চনৰ ২৭ জুলাইত ক্রাউন প্রতিনিধি আৰক্ষী নামেৰে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী গঠন কৰা হৈছিল। স্বাধীনতাৰ পিছত তদানীন্তন গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলে ইয়াক ক্রাউন ৰিপ্লেজেন্টেটিভ পুলিচৰ পৰা চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফৰ্চলৈ সলনি কৰে। এই উপলক্ষে ১৭৫ চি আৰ পি এফৰ কমাডেণ্ট নন্দকিশোৰ কুমাৰ যাদৱে প্ৰথমেই কৰ্তব্যৰ সময়ত প্ৰাণ আহুতি দিয়া বাহিনীৰ বীৰ শ্বহীদ জোৱান – বিষয়া সকলক শ্ৰদ্ধা নিবেদন কৰে। তাৰ পাছত বাহিনীটোৰ ছেকেণ্ড ইন কমাণ্ড মুকুন্দ মোহন আৰু অমিত সিনহা, ডেপুটী কমাণ্ডেণ্ট বিৰাট কুমাৰ সিং, সহকাৰী কমাণ্ডেণ্ট অদাৱে ললিত অশোক আৰু ঈশিতাকে ধৰি অন্যান্য বিষয়া আৰু অধীনস্থ বিষয়াসকলে শ্বহীদ স্মৃতিসৌধত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। আনহাতে প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি প্ৰেক্ষাগৃহত এখন সৈনিক সন্মিলন অনুষ্ঠিত হয়। সন্মিলনত কমাডেণ্ট নন্দকিশোৰ কুমাৰ প্ৰসাদে উপস্থিত বিষয়া – জোৱান সকলক সম্বোধন কৰি চি আৰ পি এফৰ ইতিহাস আৰু গৌৰৱৰ বিষয়ে ব্যক্ত কৰি প্ৰতিষ্ঠা দিৱসত সকলোলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। ইয়াৰ উপৰি প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি সন্ধিয়া বাহিনীটোৰ সকলো মেচত বৰাখানা আৰু সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। Share this:FacebookX Related Post navigation শিৱসাগৰত পুনৰ উদ্ধাৰ ৭টা মৃতদেহ! বানত নিহতৰ সংখ্যা ৭৫ জনলৈ বৃদ্ধি