৭৫ জনকৈ লোকৰ প্ৰাণ কাঢ়ি নিলে এইবাৰৰ বাৰিষাৰ বানে! ৰাজ্যত বান পৰিস্থিতি কিছু শাম কাটিলেও এতিয়া পানী শুকোৱাৰ পিছত উদ্ধাৰ হৈছে ইটোৰ পিছত সিটো মৃতদেহ। শেহতীয়াকৈ শিৱসাগৰ জিলাত আৰু ৭টা মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে এই বান বিভীষিকাত নিহত হোৱা লোকৰ সংখ্যা ৭৫ জনলৈ বৃদ্ধি পায়। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে সদৰি কৰা তথ্য অনুসৰি, যোৱা ২৪ ঘণ্টাত উদ্ধাৰ হোৱা ৭টা মৃতদেহেই শিৱসাগৰ জিলাৰ। ফলত চলিত বৰ্ষাৰ বানত নিহত লোকৰ সংখ্যা ৭৫ জনলৈ বৃদ্ধি পাইছে। বৰ্তমান শিৱসাগৰ, চৰাইদেউ, গোলাঘাট, যোৰহাট, নগাঁও, শোণিতপুৰ আৰু কামৰূপ মহানগৰ জিলাসহ মুঠ ৭খন জিলা এতিয়াও বানৰ কবলত আছে। পূৰ্বতকৈ বানাক্ৰান্ত জিলাৰ সংখ্যা হ্ৰাস পালেও একাধিক অঞ্চলত স্বাভাৱিক জীৱন-যাত্ৰা এতিয়াও ব্যাহত হৈ আছে। প্ৰাধিকৰণে জানিবলৈ দিয়া মতে, ৰাজ্যজুৰি বৰ্তমান ৩,৩২,৬৩৯ জন লোক বানত ক্ষতিগ্ৰস্ত হৈছে। ২১টা ৰাজহ চক্ৰৰ অন্তৰ্গত ৬২২খন গাঁও এতিয়াও পানীৰ তলত থকাত হাজাৰ হাজাৰ পৰিয়ালে বাসস্থান, জীৱিকা আৰু দৈনন্দিন জীৱনযাত্ৰাত তীব্ৰ সংকটৰ সন্মুখীন হৈছে। ইয়াৰ উপৰি প্ৰায় ৪৫,৩৪১.৯৮ হেক্টৰ কৃষিভূমি এতিয়াও বানপানীত ডুবি থকাত কৃষিখণ্ডত ব্যাপক ক্ষতি হৈছে। বিশেষকৈ কৃষকসকলে খেতি নষ্ট হোৱাৰ লগতে দীঘলীয়া জলাবদ্ধতাৰ সমস্যাৰ সন্মুখীন হৈ আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে উল্লেখ কৰা মতে, বৰ্তমান ৰাজ্যৰ কোনো চহৰাঞ্চলত নগৰীয়া বানৰ পৰিস্থিতি নাই। আনহাতে জিলা প্ৰশাসনসমূহে উদ্ধাৰ, সাহায্য আৰু পুনৰ্বাসনৰ কাম অব্যাহত ৰাখিছে। ক্ষতিগ্ৰস্ত অঞ্চলসমূহত সাহায্য সামগ্ৰী যোগান ধৰা, অত্যাৱশ্যকীয় সেৱা পুনৰ স্বাভাৱিক কৰি তোলা আৰু বন্যাৰ্ত পৰিয়ালসমূহক সহায় আগবঢ়োৱাৰ কাম অব্যাহত আছে। Share this:FacebookX Related Post navigation অসমৰ ৰাজ্যপালে ‘পশু স্বাস্থ্য সুৰক্ষা’ৰ ওপৰত আঞ্চলিক সন্মিলনৰ উদ্বোধন কৰিলে