‘এনাৰ্জি ড্ৰিংক’ বুলি বিক্ৰী হৈ থকা কেইবাটাও জনপ্ৰিয় পানীয়ৰ বিৰুদ্ধে এইবাৰ কঠোৰ হৈছে ৰাজ্য চৰকাৰ। ভুৱা আৰু বিভ্ৰান্তিকৰ দাবীৰ অভিযোগত পাঁচ লাখৰো অধিক এনাৰ্জি ড্ৰিংকৰ কেন জব্দ কৰাৰ লগতে বজাৰ আৰু অনলাইন প্লেটফৰ্মত এই সামগ্ৰীৰ বিক্ৰী আৰু মজুতকৰণত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ৰাজস্থানত যোৱা এটা সপ্তাহ ধৰি চলোৱা বিশেষ অভিযানত খাদ্য সুৰক্ষা আৰু ঔষধ নিয়ন্ত্ৰক আয়ুক্তৰ কাৰ্যালয়ে ৮টা ভিন্ন ব্ৰেণ্ডৰ এই এনাৰ্জি ড্ৰিংক জব্দ কৰে। ভাৰতীয় খাদ্য সুৰক্ষা আৰু মান প্ৰাধিকৰণৰ (এফএছএছএআই) নিৰ্দেশনা উলংঘা কৰি বিভ্ৰান্তিকৰ দাবীৰে এই সামগ্ৰীসমূহ বিক্ৰী কৰা হৈছিল বুলি জানিবলৈ দিয়ে বিভাগটোৱে। জানিব পৰা মতে, এনাৰ্জি ড্ৰিংকৰ নামত নিজৰ পানীয় বিক্ৰী কৰি অহা হেল এনাৰ্জি, ৰেড বুল, ষ্টিং, মনষ্টাৰ এনাৰ্জি, কেম্পা এনাৰ্জি, হেল ছুগাৰ ফ্ৰী, হেল ক্লাছিক আৰু এড্ৰেনেলিন ৰাছৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। খাদ্য সুৰক্ষা আৰু ঔষধ নিয়ন্ত্ৰক আয়ুক্তৰ কাৰ্যালয়ৰ যুটীয়া আয়ুক্ত বিজয় প্ৰকাশ শৰ্মাই কয়, “বহু পানীয়ৰ কেনত ‘এনাৰ্জি ড্ৰিংক’, ‘দেহ আৰু মন সজীৱ কৰে’ আদি দাবী কৰা হৈছে। কিন্তু এই দাবীৰ সপক্ষে কোনো নিৰ্ভৰযোগ্য বৈজ্ঞানিক প্ৰমাণ পোৱা নগ’ল। সেইবাবেই এনে সামগ্ৰীৰ বিৰুদ্ধে অভিযান চলোৱা হৈছে।” যুটীয়া আয়ুক্তগৰাকীয়ে লগতে জনায় যে, তৎক্ষণাত শক্তি বৃদ্ধি, শাৰীৰিক সামৰ্থ্য উন্নত কৰা আৰু কৰ্মক্ষমতা বঢ়োৱাৰ দৰে দাবী কৰি বহু কোম্পানীয়ে এই পানীয় বজাৰত বিক্ৰী কৰি আহিছিল। কিন্তু এই দাবীসমূহ বৈজ্ঞানিকভাৱে প্ৰমাণিত নহয়। সেইকাৰণেই এই এনাৰ্জি ড্ৰিংকসমূহৰ বিক্ৰী আৰু মজুতকৰণ বন্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। বিভাগৰ তথ্য অনুসৰি, পৰিদৰ্শনৰ সময়ত বহু কেনত এফএছএছএআইৰ নীতি উলংঘা কৰা বিভ্ৰান্তিকৰ বাক্য ব্যৱহাৰ কৰা দেখা যায়। এনে বিজ্ঞাপন গ্ৰাহকক ভুল পথে পৰিচালিত কৰিব পাৰে বুলি মন্তব্য কৰে বিষয়াসকলে। ইফালে, বিভ্ৰান্তিকৰ দাবী কৰা খাদ্য আৰু পানীয়ৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰিবলৈ সাধাৰণ ৰাইজক আহ্বান জনাইছে বিভাগে। এনে কোনো সামগ্ৰী বা অভিযোগৰ তথ্য পালে তৎক্ষণাত বিভাগক অৱগত কৰিবলৈও অনুৰোধ জনোৱা হৈছে। এনাৰ্জি ড্ৰিংকৰ অবাধ ব্যৱহাৰক লৈ উদ্বেগ প্ৰকাশ কৰিছে চিকিৎসকসকলেও। চিকিৎসকসকলৰ মতে, এই পানীয়ত অধিক পৰিমাণৰ কেফেইন, চেনি আৰু উত্তেজক উপাদান থাকে। অত্যাধিক বা নিয়মিত সেৱনৰ ফলত উচ্চ ৰক্তচাপ, অনিয়মিত হৃদস্পন্দন, গেষ্ট্ৰিক, অম্লতা, অনিদ্ৰাৰ লগতে গুৰুতৰ ক্ষেত্ৰত হৃদৰোগৰ আশংকাও বৃদ্ধি পাব পাৰে। চিকিৎসকসকলে লগতে কয় যে, যুৱ প্ৰজন্মৰ মাজত এই পানীয়ৰ ব্যৱহাৰ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। পৰীক্ষাৰ প্ৰস্তুতি, জিমত ব্যায়াম, নিশা সাৰে থকা বা বিভিন্ন পাৰ্টিত সাধাৰণ ছফ্ট ড্ৰিংকৰ বিকল্প হিচাপে এনাৰ্জি ড্ৰিংক সেৱন কৰা হৈছে, যদিও ইয়াৰ শাৰীৰিক প্ৰভাৱ সম্পূৰ্ণ পৃথক। আনহাতে, মদৰ সৈতে এনাৰ্জি ড্ৰিংক মিহলাই সেৱন কৰাৰ প্ৰৱণতাকো গুৰুতৰ বিপদ হিচাপে চিহ্নিত কৰিছে চিকিৎসকসকলে। কেফেইনে নিচাৰ অনুভূতি হ্ৰাস কৰাৰ ফলত অধিক মদ্যপান কৰাৰ সম্ভাৱনা বৃদ্ধি পায়। ইয়াৰ ফলত হৃদযন্ত্ৰৰ ওপৰত অতিৰিক্ত চাপ, পানীশূন্যতা আৰু আকস্মিক হৃদৰোগৰ দৰে জটিলতাৰ আশংকাও বহু গুণ বৃদ্ধি পায় বুলি সতৰ্ক কৰিছে চিকিৎসকসকলে। বিশেষকৈ উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ বা আন জটিল ৰোগত আক্ৰান্ত লোকসকলক এনে পানীয় পৰিহাৰ কৰিবলৈ পৰামৰ্শ দিছে চিকিৎসকসকলে। Share this:FacebookX Related Post navigation পাতি লোৱা হিন্দু ভগ্নীৰ কন্যাদান কৰি অনন্য নিদৰ্শন মুছলমান ভাতৃৰ; বিলালে সম্প্ৰীতিৰ বাৰ্তা ১৩ জুলাইৰ পৰা দুমাহলৈ সম্পূৰ্ণৰূপে বন্ধ পুৰণি শৰাইঘাট দলং