তেজৰ সম্পৰ্ক নাছিল, কিন্তু দায়িত্বত কোনো খুঁত নাৰাখিলে। পাতি লোৱা ভগ্নীৰ বিয়াৰ সকলো দায়িত্ব কান্ধত তুলি লৈ হিন্দু ৰীতি-নীতিৰে কন্যাদান সম্পন্ন কৰি সম্প্ৰীতি আৰু মানৱতাৰ এক ব্যতিক্ৰমী দৃষ্টান্ত স্থাপন কৰিলে এজন মুছলমান যুৱকে। উত্তৰ প্ৰদেশৰ বদাউন জিলাৰ উঝানী নগৰত বুধবাৰে সংঘটিত হয় এই ব্যতিক্ৰমী ঘটনা। স্থানীয় যুৱক ৰিয়াছত ওৰফে বাবলু ছিদ্দিকীয়ে পাতি লোৱা ভগ্নী দীপাংশীৰ বিয়াৰ সকলো ব্যৱস্থা নিজে সম্পন্ন কৰাৰ লগতে হিন্দু পৰম্পৰা অনুসৰি কন্যাদানৰ আচাৰো পালন কৰে। দীপাংশীৰ পিতৃ-মাতৃৰ পূৰ্বেই মৃত্যু হৈছিল। তাৰ পিছৰে পৰা বাবলু ছিদ্দিকী আৰু তেওঁৰ পৰিয়ালে দীপাংশীক নিজৰ পৰিয়ালৰ সদস্যৰ দৰেই আগুৱাই লৈ আহিছিল। ভগ্নীৰ সকলো দায়িত্ব পালন কৰাৰ লগতে বিয়াখনো সন্মানজনকভাৱে সম্পন্ন কৰাৰ সিদ্ধান্ত লয় বাবলু ছিদ্দিকীয়ে। বুধবাৰে উঝানীৰ এছ এছ গ্ৰীণ পেলেচত দীপাংশী আৰু কমলকান্তৰ বিবাহ হিন্দু ৰীতি-নীতি অনুসৰি অনুষ্ঠিত হয়। অনুষ্ঠানটোৰ আটাইতকৈ আৱেগিক মুহূৰ্ত আছিল, যেতিয়া বাবলু ছিদ্দিকীয়ে নিজ হাতে ভগ্নীৰ কন্যাদান সম্পন্ন কৰে। বাবলু ছিদ্দিকীয়ে কয়, “দীপাংশী আমাৰ একেটা মহল্লাৰ ছোৱালী। সৰুৰে পৰা দুয়োটা পৰিয়ালৰ মাজত অহা-যোৱা আছিল। তেতিয়াৰ পৰাই দীপাংশীক সৰু ভগ্নীৰ দৰে গণ্য কৰি আহিছোঁ। তেজৰ সম্পৰ্ক নহ’লেও হৃদয়ৰ সম্পৰ্ক কোনো ক্ষেত্ৰতে কম নহয়।” বিয়াখনৰ সকলো ব্যয়ও নিজেই বহন কৰে বাবলু ছিদ্দিকীয়ে। বাহিৰৰ কোনো সহায় নোলোৱাকৈ বিয়াৰ সকলো আয়োজন সম্পন্ন কৰা হয়। বৰযাত্ৰী আৰু আত্মীয়-স্বজনকে ধৰি প্ৰায় ৮০০ জন লোকৰ আহাৰ আৰু আন আন ব্যৱস্থাও কৰে পৰিয়ালটোৱে। বাবলু ছিদ্দিকীয়ে লগতে কয় যে, প্ৰতিজন ভাতৃয়ে যেনেকৈ নিজৰ ভগ্নীক সন্মান আৰু আনন্দেৰে বিদায় দিব বিচাৰে, তেনেদৰেই দীপাংশীকো বিদায় দিয়াৰ চেষ্টা কৰা হৈছে। ইফালে, আৱেগিক হৈ পৰা কইনা দীপাংশীয়ে কয়, “বাবলু ভাই আৰু তেওঁৰ পৰিয়ালে মোক কেতিয়াও পিতৃ-মাতৃ নথকাৰ অনুভৱ হ’বলৈ দিয়া নাই। নিজৰ জীয়ৰী আৰু ভগ্নীৰ দৰেই সকলো দায়িত্ব পালন কৰিছে।” স্থানীয় লোকৰ মতে, এই বিয়াখনে কেৱল দুজন যুৱক-যুৱতীৰ বৈবাহিক জীৱনৰ সূচনাই নহয়, ধৰ্মীয় সম্প্ৰীতি, ভ্ৰাতৃত্ববোধ আৰু মানৱতাৰ এক ইতিবাচক বাৰ্তাও সমাজলৈ কঢ়িয়াই আনিছে। Share this:FacebookX Related Post navigation স্বাধীনতা দিৱসৰ দিনটোত শোকাবহ বিমান দুৰ্ঘটনা! পাইলটসহ ১০ জনৰ মৃত্যু ৮ বিধ এনাৰ্জি ড্ৰিংকৰ ওপৰত নিষেধাজ্ঞা ৰাজস্থান চৰকাৰৰ; পাঁচ লাখৰো অধিক কেন জব্দ