স্বাধীনতা দিৱসৰ আনন্দৰ মাজতে শোকৰ ছাঁ নামি আহিল বাহামাছত। দেশখনৰ উত্তৰ এণ্ড্ৰছ দ্বীপত শুকুৰবাৰে সংঘটিত এক বিমান দুৰ্ঘটনাত ১০জনৰ মৃত্যু হোৱাৰ পিছত ফ্লেমিংগো এয়াৰৰ উৰণ সাময়িকভাৱে স্থগিত ৰাখিছে চৰকাৰে। বাহামাছৰ ৰাজধানী নাছাউৰ লিণ্ডেন পিণ্ডলিং আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা ছান এণ্ড্ৰছ অভিমুখে উৰা মাৰিছিল চেছনা ৪০২ মডেলৰ বিমানখন। কিছু সময়ৰ পিছতে উত্তৰ এণ্ড্ৰছ অঞ্চলত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। প্ৰথমে এজন যাত্ৰী জীৱিত উদ্ধাৰ হোৱা বুলি জনোৱা হৈছিল যদিও পিছত বাহামাছৰ প্ৰধানমন্ত্ৰী ফিলিপ ব্ৰেভ ডেভিছে নিশ্চিত কৰে যে, আঘাতৰ ফলত সেই ব্যক্তিজনো মৃত্যুমুখত পৰে। ফলত দুৰ্ঘটনাটোত বিমানখনত থকা ১০জন লোকৰ সকলোৰে মৃত্যু হয়। নিহতসকলৰ পৰিচয় এতিয়াও প্ৰকাশ কৰা হোৱা নাই। সংবাদমেলত প্ৰধানমন্ত্ৰী ডেভিছে কয়, “দেশৰ ৫৩সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ দিনটো এতিয়া শোকৰ দিনলৈ পৰিণত হৈছে। আপোনজনক চিৰদিনৰ বাবে হেৰুৱাই পেলোৱা প্ৰতিটো পৰিয়াললৈ আমি গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ।” ইফালে, দুৰ্ঘটনাৰ কাৰণ অনুসন্ধান নোহোৱালৈকে সতৰ্কতামূলক ব্যৱস্থা হিচাপে ফ্লেমিংগো এয়াৰৰ এয়াৰ অপাৰেটৰ প্ৰমাণপত্ৰ সাময়িকভাৱে স্থগিত ৰাখিছে শক্তি, জনসেৱা আৰু বিমান পৰিবহণ মন্ত্ৰালয়ে। মন্ত্ৰালয়ে জনোৱা মতে, একেদিনাই ফ্লেমিংগো এয়াৰৰ সৈতে জড়িত আন এক সুৰক্ষা-সংক্ৰান্তীয় ঘটনাও সংঘটিত হৈছিল। মায়াগুৱানা অভিমুখে যাত্ৰা কৰা এখন বিমানত কাৰিকৰী সমস্যা ধৰা পৰাৰ পিছত বিমানখন নাছাউলৈ উভতি আহে। সকলো যাত্ৰী নিৰাপদে নামি যোৱাৰ পিছতে বিমানখনত অগ্নিকাণ্ড সংঘটিত হয়। বাহামাছ বিমান দুৰ্ঘটনা তদন্ত কৰ্তৃপক্ষই ইতিমধ্যে দুয়োটা ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। দুৰ্ঘটনাৰ সঠিক কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। Share this:FacebookX Related Post navigation চে গুৱেভাৰাৰ মিউৰেলক প্ৰশ্ন কৰিলে মুখ্যমন্ত্ৰীয়ে, পৰেশ বৰুৱা আৰু পৰাগ দাসৰ নাম উল্লেখ কৰিলে পাতি লোৱা হিন্দু ভগ্নীৰ কন্যাদান কৰি অনন্য নিদৰ্শন মুছলমান ভাতৃৰ; বিলালে সম্প্ৰীতিৰ বাৰ্তা