ব্ৰহ্মপুত্ৰৰ ওপৰত থকা পুৰণি শৰাইঘাট দলংত মেৰামতিৰ কাম আৰম্ভ হোৱাৰ লগে লগে ১৩ জুলাইৰ পৰা সম্পূৰ্ণ বন্ধ থাকিব সকলো ধৰণৰ যান-বাহন চলাচল। এই সময়ছোৱাত নতুন শৰাইঘাট দলঙেৰেই দুয়োমুখী যান-বাহন চলাচল চলিব বুলি সদৰি কৰিছে গুৱাহাটী যান-বাহন আৰক্ষীয়ে।

উত্তৰ-পূব সীমান্ত ৰে’লৱেইৰ অধীনত পুৰণি দলংখনৰ মেৰামতি আৰু পুনৰ সংস্থাপনৰ কাম প্ৰায় দুমাহ ধৰি চলিব। সেইবাবেই ১৩ জুলাই পুৱা ৫ বজাৰ পৰা দলংখনত সকলো ধৰণৰ যান-বাহন চলাচল সম্পূৰ্ণৰূপে বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা হৈছে।

নতুন ব্যৱস্থাত নামনি অসমৰ পৰা উজনি অসমলৈ যোৱা গধুৰ মালবাহী বাহনসমূহক বাইহাটা চাৰিআলি–কলিয়াবৰ তিনিআলি পথেদি চলাচল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। অৱশ্যে যাত্ৰীবাহী বাছ এই নিষেধাজ্ঞাৰ আওতাৰ বাহিৰত থাকিব।

আনহাতে, নতুন শৰাইঘাট দলঙেৰে পুৱা ৬ বজাৰ পৰা নিশা ১০ বজালৈ গুৱাহাটীলৈ প্ৰৱেশ বা গুৱাহাটীৰ পৰা ওলাই যোৱা বাণিজ্যিক মালবাহী বাহনৰ চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

নামনি অসমৰ পৰা গুৱাহাটী হৈ উজনি অসমলৈ যোৱা লঘু যান-বাহনসমূহেও এতিয়াৰ পৰা নতুন শৰাইঘাট দলঙেৰেই চলাচল কৰিব লাগিব। গুৱাহাটীৰ পৰা কামৰূপ আৰু নামনি অসম অভিমুখে যোৱা বাহনসমূহেও নতুন দলংখনেই ব্যৱহাৰ কৰি থাকিব।

যান-বাহন আৰক্ষীয়ে লগতে জনাইছে যে, নামনি অসমৰ পৰা উজনি অসমলৈ যোৱা চালকসকলে বিকল্প পথ হিচাপে কুমাৰ ভাস্কৰ বৰ্মা সেতু ব্যৱহাৰ কৰিলে যান-জঁটৰ পৰা কিছু পৰিমাণে ৰেহাই পাব পাৰে।

ইফালে, লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ যোৱা যাত্ৰীসকলক সম্ভাৱ্য যান-জঁটৰ প্ৰতি লক্ষ্য ৰাখি যথেষ্ট আগতীয়াকৈ যাত্ৰা আৰম্ভ কৰিবলৈ আহ্বান জনাইছে আৰক্ষীয়ে।

মেৰামতিৰ সমগ্ৰ সময়ছোৱাত জালুকবাৰী আৰু শৰাইঘাট দলঙৰ মাজৰ পথৰ দুয়োকাষে বাহন পাৰ্কিং সম্পূৰ্ণ নিষিদ্ধ কৰা হৈছে। অৱশ্যে যাত্ৰীবাহী বাছ, এম্বুলেন্স, অগ্নিনিৰ্বাপক বাহনকে ধৰি জৰুৰীকালীন সেৱাৰ বাহন আৰু আন লঘু যান-বাহনসমূহ নতুন শৰাইঘাট দলঙেৰেই চলাচল অব্যাহত ৰাখিব।

এই বিশেষ যান-বাহন নিয়ন্ত্ৰণ ৩১ জুলাইলৈ বলৱৎ থাকিব। পৰৱৰ্তী পৰিস্থিতি পৰ্যালোচনা কৰাৰ পিছত নতুন নিৰ্দেশনা জাৰি কৰা হ’ব বুলি গুৱাহাটী যান-বাহন আৰক্ষীয়ে জানিবলৈ দিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *