প্ৰধানমন্ত্ৰী হিচাপে একেৰাহে ১২ বছৰ সম্পূৰ্ণ কৰি দেশৰ ৰাজনৈতিক ইতিহাসত এক বিৰল অভিলেখৰ গৰাকী হ’ল নৰেন্দ্ৰ মোদী। এই বিশেষ অভিলেখৰ গৰাকী হৈ সামাজিক মাধ্যমত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি প্ৰধানমন্ত্ৰী মোদীয়ে জনসেৱাকেই সুশাসনৰ আটাইতকৈ ডাঙৰ পৰীক্ষা বুলি অভিহিত কৰে।

সামাজিক মাধ্যমত প্ৰকাশ কৰা এক বাৰ্তাত মোদীয়ে কয়, “জনসেৱাই সুশাসনৰ আটাইতকৈ ডাঙৰ পৰীক্ষা।” যোৱা ১২ বছৰত মানুহৰ জীৱন ধাৰণৰ মান উন্নত কৰা আৰু দেশৰ সামগ্ৰিক প্ৰগতিক আগুৱাই নিয়াৰ লক্ষ্যৰেই তেওঁৰ চৰকাৰে কাম কৰি আহিছে বুলি তেওঁ উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীগৰাকীৰ দাবী অনুসৰি, দৰিদ্ৰ কল্যাণ, সামাজিক ন্যায়, আন্তঃগাঁথনি উন্নয়ন, ডিজিটেল ৰূপান্তৰ আৰু সাধাৰণ জনতাৰ সবলীকৰণৰ ক্ষেত্ৰত উল্লেখনীয় পৰিৱৰ্তন অনা হৈছে। তেওঁ কয়, “বিকশিত ভাৰতৰ লক্ষ্য সন্মুখত ৰাখি আমি মানুহৰ জীৱনযাত্ৰা সহজ কৰিবলৈ আৰু উন্নয়নৰ গতি বৃদ্ধি কৰিবলৈ নিৰন্তৰ কাম কৰি আছোঁ।”

মোদীয়ে লগতে কয় যে যোৱা এটা দশকতকৈও অধিক সময় ধৰি চৰকাৰৰ প্ৰতিটো সিদ্ধান্ততে নাগৰিকৰ কল্যাণক অগ্ৰাধিকাৰ দিয়া হৈছে। ভৱিষ্যতেও একেই সংকল্পৰে কাম কৰি যোৱাৰ আশ্বাস প্ৰদান কৰে প্ৰধানমন্ত্ৰীয়ে।

উল্লেখ্য যে, ২০১৪ চনৰ ২৬ মে’ত প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পিছত মঙলবাৰে কেন্দ্ৰত তেওঁৰ নেতৃত্বধীন চৰকাৰৰ ১২ বছৰ সম্পূৰ্ণ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *