ৰাজ্যসভাৰ সদস্যপদৰ পৰা পদত্যাগ কৰাৰ এদিন পিছত তৃণমূল কংগ্ৰেছ ত্যাগ কৰাৰ কথা প্ৰকাশ্যে নিশ্চিত কৰিলে প্ৰাক্তন শিলচৰৰ সাংসদ সুস্মিতা দেৱে। তেওঁৰ এই ঘোষণাৰ পিছতে ৰাজনৈতিক ভৱিষ্যতক লৈ জল্পনা-কল্পনা অধিক তীব্ৰতৰ হৈ পৰিছে।

মঙলবাৰে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত সুস্মিতা দেৱে কয়, “মই তৃণমূল কংগ্ৰেছ এৰিছোঁ। কিয় দল এৰিছোঁ, সেয়া এক দীঘলীয়া কাহিনী। মই একেলগে দুখন নাৱত ভৰি দি থাকিব নোখোজোঁ। মমতা দিদিক লৈ মই কোনো মন্তব্য নকৰোঁ।”

তৃণমূল কংগ্ৰেছৰ পৰা নিজৰ প্ৰস্থানৰ কথা তেওঁ প্ৰথমবাৰৰ বাবে প্ৰকাশ্যে স্বীকাৰ কৰে। অৱশ্যে দল ত্যাগৰ নিৰ্দিষ্ট কাৰণ সম্পৰ্কে সুস্মিতা দেৱে কোনো ব্যাখ্যা দাঙি ধৰা নাই। ইয়াৰ সমান্তৰালভাৱে তৃণমূল নেত্ৰী মমতা বেনাৰ্জী সন্দৰ্ভতো কোনো মন্তব্য কৰিবলৈ তেওঁ অস্বীকাৰ কৰে।

তেওঁৰ এই সিদ্ধান্তৰ পিছতে নতুন ৰাজনৈতিক ঠিকনাক লৈ চৰ্চা আৰম্ভ হৈছে। ইফালে, ৰাজ্যসভাৰ পৰা পদত্যাগ কৰাৰ পিছত নতুন দিল্লীত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰিছে সুস্মিতা দেৱে। সেই বৈঠকৰ পিছৰে পৰা ভাৰতীয় জনতা পাৰ্টিত তেওঁৰ যোগদানৰ সম্ভাৱনাক লৈ আলোচনা অধিক বৃদ্ধি পাইছে। যদিও এই সন্দৰ্ভত এতিয়ালৈকে কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই।

মন কৰিবলগীয়া যে, বৰাক উপত্যকাৰ অন্যতম পৰিচিত ৰাজনৈতিক মুখ হৈছে সুস্মিতা দেৱ। প্ৰয়াত কংগ্ৰেছ নেতা সন্তোষ মোহন দেৱৰ কন্যা তেওঁ। ২০১৪ চনৰ পৰা ২০১৯ চনলৈকে কংগ্ৰেছৰ টিকটত শিলচৰ লোকসভা সমষ্টিৰ প্ৰতিনিধিত্ব কৰিছিল সুস্মিতা দেৱে।

২০১৯ চনৰ লোকসভা নিৰ্বাচনত পৰাজিত হোৱাৰ পিছত ২০২১ চনত কংগ্ৰেছ ত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগ দিয়ে সুস্মিতা দেৱে। পশ্চিমবংগৰ বাহিৰত দলৰ সংগঠন সম্প্ৰসাৰণৰ প্ৰচেষ্টাৰ অংশ হিচাপেই তেওঁক দললৈ আনিছিল তৃণমূলে।

দলত যোগ দিয়াৰ কম সময়ৰ ভিতৰতে তেওঁ তৃণমূলৰ অন্যতম ৰাষ্ট্ৰীয় মুখ হিচাপে পৰিচিতি লাভ কৰে। তেওঁক দলৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ কৰা হয় আৰু পৰৱৰ্তী সময়ত ৰাজ্যসভালৈ প্ৰেৰণ কৰা হয়। বিভিন্ন ৰাষ্ট্ৰীয় ইছ্যুসমূহত দলৰ স্থিতি দাঙি ধৰাৰ ক্ষেত্ৰতো তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

উল্লেখনীয়ভাৱে, তৃণমূল কংগ্ৰেছৰ বাবে এক অস্বস্তিকৰ সময়তে এই পদত্যাগৰ ঘটনাটো সংঘটিত হৈছে। কেইদিনমান পূৰ্বে দলৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যসভাৰ সদস্য সুখেন্দু শেখৰ ৰায়েও ৰাজ্যসভাৰ পৰা পদত্যাগ কৰাৰ লগতে দলৰ সৈতে সম্পৰ্ক বিছিন্ন কৰিছিল।

এজনৰ পিছত আন এজন নেতাৰ প্ৰস্থানে তৃণমূল কংগ্ৰেছৰ আভ্যন্তৰীণ পৰিস্থিতিক লৈ নতুন প্ৰশ্নৰ জন্ম দিছে। একে সময়তে বিৰোধী দলসমূহৰ হাততো এই ঘটনাই নতুন ৰাজনৈতিক ইছ্যু তুলি দিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *