কংগ্ৰেছ নেতা পৱন খেড়াৰ দিল্লীস্থিত বাসগৃহত অসম আৰক্ষীয়ে চলোৱা অভিযানৰ বিৰুদ্ধে মঙলবাৰে নিশা দিল্লীৰ অসম ভৱনৰ সন্মুখত এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ভাৰতীয় ৰাষ্ট্ৰীয় ছাত্ৰ ইউনিয়নৰ (এনএছইউআই) কৰ্মীসকলে। প্ৰতিবাদকাৰীসকলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰাৰ লগতে চৰকাৰে আৰক্ষী প্ৰশাসনক ‘ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ’ কৰা বুলি তীব্ৰ সৰৱ হৈ পৰে। এন এছ ইউ আইৰ কৰ্মীসকলে বিভিন্ন শ্ল’গানেৰে দিল্লীৰ ৰাজপথ কঁপাই তোলাৰ লগতে বিৰোধীৰ কণ্ঠৰোধ কৰাৰ চেষ্টা চলোৱা বুলি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে। উল্লেখ্য যে, মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই তৰা এক অপৰাধমূলক মানহানিৰ গোচৰৰ ভিত্তিত অসম আৰক্ষীৰ এটা দল খেড়াৰ নিজামুদ্দিন ইষ্টৰ বাসগৃহত উপস্থিত হৈছিল। এই সমগ্ৰ ঘটনাটো শেহতীয়াকৈ চৰ্চিত ‘পাছপোৰ্ট বিতৰ্ক’ৰ সৈতে জড়িত, য’ত কংগ্ৰেছ নেতৃত্বই মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বিৰুদ্ধে কেইবাখনো বিদেশী পাছপোৰ্ট আৰু সম্পত্তিৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল। এই অভিযানৰ পাছতে কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে মুখ্যমন্ত্ৰীক লক্ষ্য কৰি কয় যে সাধাৰণ প্ৰশ্ন সোধাৰ বাবে এজন সতীৰ্থক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীৰ বৃহৎ বাহিনী নিয়োগ কৰা কাৰ্যই প্ৰমাণ কৰে যে মুখ্যমন্ত্ৰীগৰাকী এতিয়া শংকিত আৰু দিশহাৰা হৈ পৰিছে। ইফালে, দিল্লীৰ কংগ্ৰেছ নেতৃত্বও পৱন খেড়াৰ সমৰ্থনত একগোট হোৱা পৰিলক্ষিত হয়। দলীয় নেতা দীপক ভৰদ্বাজে কয় যে বিজেপি শাসিত ৰাজ্যৰ আৰক্ষীয়ে বিৰোধী নেতাক লক্ষ্য কৰি লোৱা কাৰ্যৰ বিৰুদ্ধে কৰ্মীসকল ঐক্যবদ্ধভাৱে থিয় দিব। একেদৰে মুখপাত্ৰ সুপ্ৰিয়া শ্ৰীনেটেও মুখ্যমন্ত্ৰীক সমালোচনা কৰি কয় যে ধমকি দিয়াৰ পৰিৱৰ্তে তথ্যসহকাৰে উত্থাপন কৰা অভিযোগসমূহৰ পোনপটীয়া উত্তৰ দিব লাগে। ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়েও চৰকাৰৰ এই পদক্ষেপক ‘স্বৈৰাচাৰী’ আখ্যা দি কয় যে গুৰুতৰ প্ৰশ্নৰ পৰা বাচিবলৈ মুখ্যমন্ত্ৰীয়ে আৰক্ষীক ব্যৱহাৰ কৰিছে। মন কৰিবলগীয়া যে, পৱন খেড়াই শেহতীয়াকৈ অভিযোগ কৰিছিল যে ৰিণিকি ভূঞা শৰ্মাৰ কেইবাখনো বিদেশী পাছপোৰ্টৰ লগতে ডুবাইত অঘোষিত সম্পত্তি আৰু আমেৰিকাত ব্যৱসায়িক স্বাৰ্থ জড়িত হৈ আছে। অৱশ্যে শৰ্মা পৰিয়ালে এই সকলো অভিযোগ ভুৱা আৰু ‘এআই’ দ্বাৰা নিৰ্মিত বুলি দৃঢ়তাৰে অস্বীকাৰ কৰি আহিছে। অসম বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ ঠিক পূৰ্বে দিল্লীত সংঘটিত এই প্ৰতিবাদী কাৰ্যসূচীয়ে এতিয়া ৰাজনৈতিক মহলত বিশেষ চৰ্চা লাভ কৰিছে। Share this:FacebookX Related Post navigation খাৰ্গেক অপমান কৰি হিমন্ত বিশ্ব শৰ্মাই কোটি কোটি মানুহক অপমান কৰিছেঃ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰৱ প্ৰিয়ংকা গান্ধী অসমত কাইলৈ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ; ১২৬টা সমষ্টিতে সুচাৰুৰূপে ভোটদান সম্পন্ন কৰিবলৈ সাজু নিৰ্বাচন আয়োগ