অসম বিধানসভাৰ ২০২৬ বৰ্ষৰ সাধাৰণ নিৰ্বাচন মুক্ত, নিকা আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে নিৰ্বাচন আয়োগ। ৰাজ্যখনৰ আটাইকেইটা অৰ্থাৎ ১২৬টা বিধানসভা সমষ্টিতে কাইলৈ অৰ্থাৎ ৯ এপ্ৰিলত একক পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ নেতৃত্বত নিৰ্বাচন আয়োগে ভোটগ্ৰহণ প্ৰক্ৰিয়া স্বচ্ছ আৰু নিকা কৰাৰ স্বাৰ্থত ইতিমধ্যে ব্যাপক প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। পৰ্যাপ্ত নিৰাপত্তা বাহিনী মোতায়েন কৰাৰ লগতে নিৰ্বাচনী ব্যয় আৰু আইন-শৃংখলা পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰখা হ’ব বুলি জানিবলৈ দিয়ে আয়োগে।

ভোটদানৰ হাৰ বৃদ্ধি কৰাৰ লক্ষ্যৰে ৰাজ্যজুৰি ‘চুইপ’ কাৰ্যসূচীৰ অধীনত সজাগতা অভিযান চলোৱা হৈছে। এইবাৰ নিৰ্বাচন আয়োগে ৰাজ্যৰ মুঠ ৩১,৪৯০টা ভোটকেন্দ্ৰতে ৱেবকাষ্টিঙৰ ব্যৱস্থা কৰিছে, যাৰ জৰিয়তে জিলা আৰু ৰাজ্যিক পৰ্যায়ৰ কন্ট্ৰল ৰূমৰ পৰা ভোটগ্ৰহণ প্ৰক্ৰিয়া পোনপটীয়াকৈ নিৰীক্ষণ কৰিব পৰা যাব। ইয়াৰ ভিতৰত ৩১,৪৮৬টা মূল কেন্দ্ৰ আৰু ৪টা অতিৰিক্ত কেন্দ্ৰ অন্তৰ্ভুক্ত আছে। স্পৰ্শকাতৰ ভোটকেন্দ্ৰসমূহৰ সুৰক্ষা নিশ্চিত কৰিবলৈ চি আৰ পি এফৰ দৰে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী আৰু মাইক্ৰ’ অবজাৰ্ভাৰ নিয়োগ কৰা হৈছে। ইয়াৰ উপৰি ভোটকেন্দ্ৰসমূহত খোৱাপানী, জিৰণি কক্ষ আৰু মোবাইল ফোন জমা থোৱাৰ সুব্যৱস্থাৰ লগতে দিব্যাংগসকলৰ বাবে বিশেষ সুবিধা প্ৰদান কৰিছে প্ৰশাসনে।

নিৰ্বাচন পৰিচালনাৰ বাবে মুঠ ১,৫১,১৩২ গৰাকী ভোটগ্ৰহণ কৰ্মীক নিয়োজিত কৰা হৈছে। ভোটদানৰ বাবে ৪,৩২০টা বেলট ইউনিট, ৪৩,৯৭৫টা কন্ট্ৰল ইউনিট আৰু ৪৩,৯৯৭টা ভি ভি পি এ টি মেচিন ব্যৱহাৰ কৰিব আয়োগে। জৰুৰী পৰিস্থিতিৰ বাবে অতিৰিক্ত কৰ্মীকো সাজু কৰি ৰখা হৈছে। অসমৰ মুঠ ২,০৫,৫৪,৪৬৩ গৰাকী ভোটাৰৰ ভিতৰত ১,২৫,৩১,৫৫২ গৰাকী পুৰুষ, ১,২৫,২২,৫৯৩ গৰাকী মহিলা আৰু ৩১৮ গৰাকী তৃতীয় লিংগৰ ভোটাৰ আছে। উল্লেখযোগ্য যে ৪২ লাখতকৈ অধিক ভোটাৰ ১৮ৰ পৰা ১৯ বছৰ বয়সৰ হোৱাৰ বিপৰীতে ৮০ বছৰৰ উৰ্ধৰ ভোটাৰৰ সংখ্যা ২,৫০,০০৬ গৰাকী।

জনপ্ৰতিনিধিত্ব আইন, ১৯৫১ৰ বিধান অনুসৰি ৮৫ বছৰৰ উৰ্ধৰ জেষ্ঠ নাগৰিক আৰু দিব্যাংগ ভোটাৰসকলক ঘৰৰ পৰাই পোষ্টেল বেলটৰ জৰিয়তে ভোটদানৰ সুবিধা আগবঢ়াইছে আয়োগে। এতিয়ালৈকে ২৬,০৩২ গৰাকী জেষ্ঠ নাগৰিক আৰু ৮,৩৭৩ গৰাকী দিব্যাংগ লোকে এই সুবিধা গ্ৰহণৰ বাবে পঞ্জীয়ন কৰিছে। মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে প্ৰতিগৰাকী যোগ্য ভোটাৰক এক নিৰাপদ আৰু সহজ পৰিৱেশত নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনাইছে। সকলো পক্ষৰ সহযোগিতাৰ জৰিয়তে নিৰ্বাচনী যুঁজখন সফল কৰি তুলিবলৈ প্ৰশাসন এতিয়া সম্পূৰ্ণৰূপে সষ্টম হৈ আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *