ৰাজ্যসভাত বিৰোধী দলৰ নেতা তথা নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ বিৰুদ্ধে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা বিতৰ্কিত মন্তব্যক আজি কঠোৰ ভাষাৰে গৰিহণা দিয়ে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে। মুখ্যমন্ত্ৰীৰ মন্তব্যক ‘চৰম লজ্জাজনক আৰু অগ্ৰহণযোগ্য’ বুলি অভিহিত কৰি প্ৰিয়ংকাই বিজেপি নেতৃত্বক তীব্ৰ সমালোচনা কৰে। সামাজিক মাধ্যম এক্সত কৰা এটা প’ষ্টত তেওঁ কয় যে খাৰ্গেৰ বিৰুদ্ধে অতিশয় ৰুঢ় আৰু অপমানজনক শব্দ ব্যৱহাৰ কৰি মুখ্যমন্ত্ৰী শৰ্মাই নিজৰ নীচ মানসিকতাহে পৰিচয় দিছে। প্ৰিয়ংকা গান্ধীৰ মতে, মল্লিকাৰ্জুন খাৰ্গে কেৱল কংগ্ৰেছ দলৰ সভাপতিয়েই নহয়, বৰঞ্চ তেওঁ দেশৰ কোটি কোটি দলিত আৰু বঞ্চিত সমাজৰ এক শক্তিশালী কণ্ঠস্বৰ। এনে এগৰাকী জ্যেষ্ঠ নেতাক অপমান কৰাৰ অৰ্থ হ’ল দেশৰ কোটি কোটি জনতাক অপমান কৰা বুলি তেওঁ মন্তব্য কৰে। মুখ্যমন্ত্ৰীৰ এনে আচৰণক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নীৰৱতাক লৈও প্ৰশ্ন উত্থাপন কৰে প্ৰিয়ংকাই। প্ৰধানমন্ত্ৰীয়ে এনে অভদ্ৰ মন্তব্যক সমৰ্থন কৰে নেকি, সেই সন্দৰ্ভত স্থিতি স্পষ্ট কৰিবলৈ তেওঁ আহ্বান জনায়। উল্লেখ্য যে, কংগ্ৰেছ নেতা পৱন খেড়াই মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বিৰুদ্ধে অনা পাছপোৰ্ট কেলেংকাৰীৰ অভিযোগ আৰু তাৰ পাছত সৃষ্টি হোৱা বিতৰ্কৰ মাজতে হিমন্ত বিশ্ব শৰ্মাই খাৰ্গেৰ বিৰুদ্ধে এক তীক্ষ্ণ মন্তব্য কৰিছিল। খাৰ্গেৰ মন্তব্যক লৈ প্ৰশ্ন উত্থাপন কৰাৰ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে অতি কঠোৰ ভাষা ব্যৱহাৰ কৰাক কেন্দ্ৰ কৰি ৰাজনৈতিক মহলত ধুমুহাৰ সৃষ্টি হৈছে। কাইলৈ অৰ্থাৎ ৯ এপ্ৰিলত অসমৰ ১২৬টা সমষ্টিত হ’বলগীয়া নিৰ্বাচনৰ ঠিক পূৰ্বে এই বিষয়টোৱে এতিয়া এক বিশেষ মাত্ৰা লাভ কৰিছে। Share this:FacebookX Related Post navigation বিস্ফোৰণৰ পৰিণতি; মণিপুৰৰ ভৈয়ামৰ পাঁচ জিলাত ইন্টাৰনেট বন্ধ, পৰিস্থিতি উত্তপ্ত আৰক্ষীৰ কাৰ্য্যৰ বিৰুদ্ধে দিল্লীত বিক্ষোভ; অসম ভৱনৰ আগত এনএছইউআইৰ প্ৰদৰ্শন