মণিপুৰৰ বিষ্ণুপুৰ জিলাত বোমা বিস্ফোৰণত দুই শিশুৰ মৃত্যু আৰু মাতৃ আহত হোৱা ঘটনাক কেন্দ্ৰ কৰি ৰাজ্যখনত পুনৰ সৃষ্টি হৈছে এক উত্তপ্ত পৰিৱেশৰ। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰে আজি ৰাজ্যখনৰ পাঁচখন জিলাত তিনিদিনৰ বাবে মোবাইল ইন্টাৰনেট সেৱা কৰ্তন কৰাৰ নিৰ্দেশ দিছে। গৃহ বিভাগৰ নিৰ্দেশ অনুসৰি, ইম্ফল পূব, ইম্ফল পশ্চিম, থৌবাল, কাকচিং আৰু বিষ্ণুপুৰ জিলাত অহা ৭ এপ্ৰিলৰ বিয়লি ২ বজাৰ পৰা এই নিষেধাজ্ঞা বলবৎ কৰা হৈছে। উল্লেখযোগ্য যে, মঙলবাৰে নিশা মইৰাঙত সংঘটিত এই ভয়ংকৰ আক্ৰমণৰ পাছতে বিষ্ণুপুৰত সান্ধ্য আইনো জাৰি কৰে প্ৰশাসনে।

ভুল তথ্য আৰু উৰাবাতৰিৰ প্ৰসাৰ ৰোধ কৰাৰ স্বাৰ্থতে এই কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলগীয়া হৈছে বুলি সদৰী কৰে কৰ্তৃপক্ষই। ৰাজহুৱা স্বাৰ্থত আৰু শান্তি-শৃংখলা বজাই ৰাখিবলৈ ইন্টাৰনেট সেৱা সাময়িকভাৱে বন্ধ কৰা বুলি চৰকাৰী নিৰ্দেশনাত উল্লেখ কৰা হৈছে। মইৰাঙৰ ট্ৰংলৌবী আৱাং লৈকাই গাঁৱত সন্দেহজনক উগ্ৰপন্থীয়ে কৰা বোমা আক্ৰমণত পাঁচ বছৰীয়া এজন পুত্ৰ আৰু ছমাহৰ এগৰাকী কন্যা শিশুৰ মৃত্যু হোৱা কাৰ্যই সমগ্ৰ উপত্যকাত ক্ষোভৰ জুই জ্বলাই দিছে।

এই মৰ্মান্তিক ঘটনাৰ প্ৰতিবাদত উত্তেজিত জনতাই বিষ্ণুপুৰৰ এটা পেট্ৰ’ল পাম্পৰ সমীপত দুখন তেলৰ টেংকাৰ আৰু এখন ট্ৰাকত অগ্নিসংযোগ কৰে। প্ৰতিবাদকাৰীয়ে আৰক্ষী থানাৰ সন্মুখত টায়াৰ জ্বলাই বিক্ষোভ প্ৰদৰ্শন কৰাৰ লগতে এটা অস্থায়ী আৰক্ষী চকীও ভাঙি লণ্ডভণ্ড কৰে। পৰিস্থিতি চম্ভালিবলৈ নিৰাপত্তা বাহিনীয়ে হস্তক্ষেপ কৰিবলগীয়া হয়। ইয়াৰ মাজতে এটা বিশাল জনতাই বিষ্ণুপুৰ আৰু চুৰাচান্দপুৰ সীমান্তৰ পি গেলমোলত থকা কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ এটা শিবিৰত আক্ৰমণ চলায়।

উত্তেজিত জনতাক ছত্ৰভংগ দিয়াবলৈ নিৰাপত্তাৰক্ষীয়ে গুলীবৰ্ষণ কৰাৰ লগতে কন্দুৱা গেছ আৰু ধোঁৱা বোমা ব্যৱহাৰ কৰে। এই গুলীবৰ্ষণৰ ঘটনাত প্ৰায় ১৯ জন লোক আহত হয় আৰু এজন লোকৰ থিতাতে মৃত্যু হোৱা বুলি জানিবলৈ দিয়ে চিকিৎসালয় কৰ্তৃপক্ষই। সংঘাতৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সংবাদ কৰ্মীসকলেও উত্তপ্ত পৰিস্থিতিৰ পৰা বাচিবলৈ ওচৰৰ নলাত আশ্ৰয় ল’বলগীয়া হয়।

মুখ্যমন্ত্ৰী ৱাই খেমচান্দ সিঙে এই আক্ৰমণক এক বৰ্বৰ কাৰ্য আৰু মানৱতাৰ ওপৰত চৰম আক্ৰমণ বুলি অভিহিত কৰি তীব্ৰ গৰিহণা দিছে। তেওঁ কয় যে এই আক্ৰমণৰ বাবে জগৰীয়া প্ৰতিজন দুষ্কৃতিকাৰীক চিনাক্ত কৰি আইনৰ অধীনত কঠোৰ শাস্তি বিহা হ’ব। কোনো কাৰণতে সন্ত্ৰাসবাদী কাৰ্যক সহ্য কৰা নহ’ব বুলি সঁকীয়াই দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে। আনহাতে, স্থানীয় এনপিপি বিধায়ক থ শান্তি সিঙে এই জঘন্য কাৰ্যত সন্ত্ৰাসবাদীৰ হাত থকা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। জিলাখনত বৰ্তমান অতিৰিক্ত নিৰাপত্তাৰক্ষী নিয়োগ কৰি নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে প্ৰশাসনে।

Leave a Reply

Your email address will not be published. Required fields are marked *