পেপ গাৰ্ডিঅ’লাই মানচেষ্টাৰ চিটি আৰু ইয়াৰ সমৰ্থকসকলক বিদায় জনোৱাৰ সময়ত চকুপানী ধৰি ৰাখিব নোৱাৰিলে। ইয়াৰ সৈতে এক অভূতপূৰ্ব সফলতাৰ যুগৰ অন্ত পৰিল। চিটিৰ মেনেজাৰ হিচাপে গাৰ্ডিঅ’লাৰ অন্তিমখন খেল দেওবাৰে ইতিহাদ ষ্টেডিয়ামত এষ্টন ভিলাৰ বিৰুদ্ধে ১-২ ব্যৱধানত পৰাজয়েৰে সমাপ্ত হয়, কিন্তু আৱেগেৰে ভৰি পৰা এক বিয়লি বেলাত এই ফলাফলে বিশেষ প্ৰভাৱ পেলোৱা নাছিল। কৃতজ্ঞতা আৰু ১০ বছৰীয়া এক উল্লেখনীয় যাত্ৰাৰ স্মৰণেৰে আৱেগিক হৈ পৰা গাৰ্ডিঅ’লাই সমৰ্থকসকলৰ সন্মুখত খেলপথাৰৰ সোঁমাজত থিয় হৈ কয়, “মই কেতিয়াও কল্পনা কৰা নাছিলো যে মই ইমান মৰম পাম।”তেওঁ লগতে কয়, “আপোনালোকৰ মেনেজাৰ হ’বলৈ পোৱাটো এক অবিশ্বাস্য আৰু অসাধাৰণ সন্মানৰ কথা। ইয়াত ১০ বছৰ থাকিবলৈ পোৱাটো সঁচাকৈয়ে ভাগ্যৰ কথা।” খেলৰ শেষৰ ফীচেল (Whistle) বজাৰ আগতেই তেওঁ আৱেগিক হৈ পৰিছিল। গাৰ্ডিঅ’লাই টাচলাইনত চকুৰ পানী মচি থকা দেখা গৈছিল, যি সময়ত তেওঁৰ দুই বিশ্বাসী খেলুৱৈ বাৰ্নাৰ্ড’ চিলভা আৰু জন ষ্টোনছক খেলপথাৰৰ পৰা সলনি কৰা হৈছিল আৰু সতীৰ্থসকলে তেওঁলোকক ‘গাৰ্ড অৱ অনাৰ’ (পাপৰি আদৰণি) দিছিল।কিছু সময়ৰ পিছত গাৰ্ডিঅ’লাৰ পাল আহিছিল।ষ্টেডিয়ামৰ ঘোষকে ঘোষণা কৰিলে, “এয়া সেইজন ব্যক্তি যিয়ে সকলো সলনি কৰি দিলে।” গাৰ্ডিঅ’লাই খেলপথাৰত প্ৰৱেশ কৰাৰ লগে লগে অনুৰাগীসকলে জাউৰিয়ে জাউৰিয়ে হাততালি দি “আৰু ১০ বছৰ” বুলি ধ্বনি দিবলৈ ধৰিলে। স্পেনিছ মেনেজাৰগৰাকীয়ে হাঁহি মুখেৰে মূৰ দুপিয়ালে।১৭টা ডাঙৰ ট্ৰফী জয় কৰা আৰু মানচেষ্টাৰ চিটিক ইংৰাজী ফুটবলৰ ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ দল হিচাপে গঢ়ি তোলাৰ পিছত, গাৰ্ডিঅ’লাই যোৱা শুকুৰবাৰে নিশ্চিত কৰিছিল যে এতিয়া তেওঁ আগবাঢ়ি যোৱাৰ সময় আহি পৰিছে।তেওঁ কয়, “মই ইয়াক অকণো মিছ নকৰাকৈ থাকিব নোৱাৰো, কিন্তু মই গভীৰভাৱে অনুভৱ কৰোঁ যে… এয়াই সঠিক সিদ্ধান্ত।” গাৰ্ডিঅ’লাই ২০১৬ চনত চিটিত যোগদান কৰিছিল আৰু ক্লাবটোৰ ইতিহাস পুনৰ লিখিছিল। তেওঁৰ অধীনত চিটিয়ে ছয়বাৰ প্ৰিমিয়াৰ লীগৰ খিতাপ অৰ্জন কৰে, যাৰ ভিতৰত আছিল একেৰাহে চাৰিবাৰ লীগ জয় কৰাৰ এক অভিলেখ, আৰু ২০২৩ চনত তেওঁলোকে প্ৰথমবাৰৰ বাবে ইউএফএ চেম্পিয়ন্স লীগ (UEFA Champions League) ট্ৰফী লাভ কৰে।একেটা বৰ্ষতে, চিটিয়ে প্ৰিমিয়াৰ লীগ, চেম্পিয়ন্স লীগ আৰু এফএ কাপ (FA Cup) জিকি এক ঐতিহাসিক ট্ৰেবল (Treble) অৰ্জন কৰে, যিটো ১৯৯৯ চনত মানচেষ্টাৰ ইউনাইটেডৰ কৃতিত্বৰ সৈতে সমকক্ষ আছিল।তেওঁৰ দলটো ২০১৮ চনৰ এটা একক লীগ ছিজনত ১০০ পইণ্ট সংগ্ৰহ কৰা ইংলেণ্ডৰ শীৰ্ষ পৰ্যায়ৰ ইতিহাসৰ প্ৰথমটো দল হিচাপে পৰিগণিত হয় আৰু লগতে একেটা বৰ্ষতে ঘৰুৱা ট্ৰেবল—লীগ, এফএ কাপ আৰু লীগ কাপ জিকা প্ৰথমটো দল হিচাপে ইতিহাস ৰচনা কৰে।চিটিৰ প্ৰাক্তন সহকাৰী মেনেজাৰ তথা বৰ্তমানৰ চেলসীৰ প্ৰশিক্ষক এনজো মাৰেস্কা (Enzo Maresca)ই গাৰ্ডিঅ’লাৰ স্থান ল’ব বুলি ব্যাপকভাবে আশা কৰা হৈছে।যদিও গাৰ্ডিঅ’লাই এই নিযুক্তিৰ কথা নিশ্চিত কৰা নাই, তথাপিও তেওঁ কয় যে যিয়েই এই দায়িত্ব ল’ব তেওঁক তেওঁ সম্পূৰ্ণ সমৰ্থন আগবঢ়াব। তেওঁ উপদেশ দি কয়, “নিজৰ দৰে থাকিবা। তোমাৰ ধাৰণাবোৰৰ ক্ষেত্ৰত স্বাধীন হ’বা আৰু কঠোৰ পৰিশ্ৰম কৰিবা। সকলো ঠিকেই হ’ব।”ট্ৰফী আৰু অভিলেখৰ বাহিৰেও, গাৰ্ডিঅ’লাই চিটিৰ সমৰ্থকসকলৰ সৈতে এক গভীৰ আৱেগিক সম্পৰ্ক এৰি থৈ গৈছে।চিটিৰ এজন সমৰ্থক ফ্ৰেড টেইলৰে কয়, “তেওঁ আমাৰ বাবে আৰু এই ক্লাবটোৰ বাবে সকলো। তেওঁ যি কৰিলে সেয়া সঁচাকৈয়ে অপূৰ্ব।”ৰিচাৰ্ড উইলবৰ্ণ নামৰ আন এজন অনুৰাগীয়ে স্বীকাৰ কৰে যে গাৰ্ডিঅ’লাৰ প্ৰস্থানে তেওঁক আৱেগিক কৰি তুলিছে। তেওঁ কয়, “তেওঁ ক্লাবটোৰ বাবে যি কৰিলে সেয়া অবিশ্বাস্য। মোৰ ২০ বছৰৰ মাজভাগৰ পৰা ৩০ বছৰৰ মাজভাগলৈকে ডাঙৰ-দীঘল হোৱাৰ এই সময়ছোৱাত, তেওঁ মোৰ জীৱনৰ এটা ডাঙৰ অংশ আছিল।” – এপি Share this:FacebookX Related Post navigation ক্ৰীড়া সম্পৰ্কীয় বিবাদ সমাধানৰ দিশত ভাৰত চৰকাৰৰ বৃহৎ পদক্ষেপ গ্ৰহণ এনফিল্ডত অশ্ৰুসিক্ত বিদায়: ব্ৰেন্টফৰ্ডৰ বিৰুদ্ধে অন্তিম মেচ খেলি লিভাৰপুল এৰিলে ম’হামেদ ছালাহে