বিশ্বকাপত ঐতিহাসিক পঞ্চম স্থান দখল কৰাৰ ফলত ভাৰতীয় মহিলা হকী দলটোৱে সোণৰ পদক লাভ কৰাৰ লগতে ২০২৮ চনৰ লছ এঞ্জেলছ অলিম্পিকলৈ পোনপটীয়াকৈ যোগ্যতা অৰ্জন কৰাৰ লক্ষ্যৰে এছিয়ান গেমছত অংশগ্ৰহণৰ বাবে মঙলবাৰে জাপানলৈ ৰাওনা হয়। অধিনায়ক ছালিমা টেটেৰ নেতৃত্বত আৰু প্ৰশিক্ষক শ্বোয়াৰ্ড মাৰিজনেৰ তত্বাৱধানত ভাৰতে ১৯৭৪ চনৰ পিছত বিশ্বকাপত সৰ্বোত্তম প্ৰদৰ্শন অৰ্জন কৰি পঞ্চম স্থান দখল কৰে। এতিয়া সকলোৰে দৃষ্টি এছিয়ান গেমছৰ ওপৰত, য’ত স্বৰ্ণ পদক বিজয়ীয়ে অলিম্পিকত পোনপটীয়াকৈ বাৰ্থ নিশ্চিত কৰিব বিচাৰিব।

ছালিমাই কয় যে আমি বৰ্ধিত আত্মবিশ্বাসেৰে এছিয়ান গেমছত নামিছো, কিন্তু আমি এইটোও জানো যে প্ৰতিখন প্ৰতিযোগিতাই নতুন প্ৰত্যাহ্বান কঢ়িয়াই আনে। নেচনছ কাপ আৰু বিশ্বকাপে আমাক আত্মবিশ্বাস প্ৰদান কৰিছে। তেওঁ লগতে কয়-আমাৰ লক্ষ্য অতি স্পষ্ট: সোণৰ পদক লাভ কৰা আৰু পোনপটীয়াকৈ লছ এঞ্জেলছ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰা। আমি জানো যে ইয়াৰ বাবে ধাৰাবাহিকতা, অনুশাসন আৰু প্ৰতিখন মেচতে আমাৰ শ্ৰেষ্ঠখিনি দিয়াৰ প্ৰয়োজন হ’ব। এটা দল হিচাপে আমি এই প্ৰত্যাহ্বানৰ বাবে সাজু। জাপান, থাইলেণ্ড, ছিংগাপুৰ, ইণ্ডোনেছিয়া, আৰু উজবেকিস্তানৰ লগতে ভাৰতক পুল বি-ত স্থান দিয়া হৈছে।

২০ ছেপ্টেম্বৰত উজবেকিস্তানৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব দলটোৱে।তাৰ পিছত ২১ ছেপ্টেম্বৰত ইণ্ডোনেছিয়া, ২৩ ছেপ্টেম্বৰত থাইলেণ্ড, ২৫ ছেপ্টেম্বৰত জাপান আৰু ২৭ ছেপ্টেম্বৰত ছিংগাপুৰৰ বিৰুদ্ধে খেলিব। ৩০ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব নকআউট পৰ্যায়, ২ অক্টোবৰত সোণৰ পদকৰ মেচ অনুষ্ঠিত হ’ব। ভাৰতীয় দলটোত আছে সবিতা, নৱনীত কৌৰ, নেহা, নিকি প্ৰধান, লালৰেমছিয়ামী, আৰু সুশীলা চানু পুখ্ৰাম্বমৰ দৰে অভিজ্ঞ খেলুৱৈৰ লগতে শেহতীয়া প্ৰদৰ্শনেৰে উল্লেখযোগ্য প্ৰভাৱ পেলোৱা কেইবাগৰাকীও যুৱ খেলুৱৈ।

Leave a Reply

Your email address will not be published. Required fields are marked *