মহানগৰীৰ পশ্চিম প্ৰান্তৰ নৰ্থ ইষ্ট এলাইট চ’কাৰ স্কুল আৰু শ্যামভূমি হাইস্কুলৰ উদ্যোগত ১ ছেপ্টেম্বৰৰ পৰা শ্যামভূমি হাইস্কুল খেলপথাৰত আয়োজিত চতুৰ্থ বাৰ্ষিক ডাইমণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ আজি সামৰণি পৰে। যোৱা ১ ছেপ্টেম্বৰত খেলপথাৰখনত ৭, ৯ আৰু ১১ বছৰ অনুৰ্দ্ধ এই তিনিটা শাখাত প্ৰতিযোগিতা সমূহ অনুষ্ঠিত হৈছিল। সিদিনা অনুষ্ঠিত খেলৰ প্ৰতিযোগিতাৰ চূড়ান্ত খেলসমূহো অনুষ্ঠিত হৈছিল। আজি পুৱাৰে পৰা ১৩ আৰু ১৫ বছৰ অনুৰ্দ্ধ এই দুটা শাখাত অনুষ্ঠিত হয় । বিয়লি প্ৰতিযোগিতাৰ চূড়ান্ত খেলসমুহ অনুষ্ঠিত হয়। উল্লেখ্য যে দুয়োটা দিনতে প্ৰতিযোগিতাৰ পাঁচোটা শাখাত কামৰূপ মহানগৰ জিলাৰ বিভিন্ন প্ৰান্তৰ ৬০ টা দলে অংশগ্ৰহণ কৰে । প্ৰতিযোগিতাৰ সামৰণিত বিজয়ী আৰু বিজিত দল সমূহক বঁটা সমূহ প্ৰদান কৰা হয়। বঁটা প্ৰদান অনুষ্ঠানত ডাইমণ্ড কাপ প্ৰতিযোগিতা উদযাপন সমিতিৰ সভাপতি তীৰ্থ মেধি , সম্পাদক মৃদুল দাসকে ধৰি কেবাজনো কৰ্মকৰ্তা , শ্যামভূমি হাইস্কুলৰ ক্ৰীড়া শিক্ষক উৎপল মুছাহাৰী আৰু বিপুল দাস, ৰাজধৰ বৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ক্ৰীড়া শিক্ষক সপোন চাংমা আৰু অঞ্চলটোৰ বহু ক্ৰীড়াপ্ৰেমী লোক উপস্থিত থাকে। Share this:FacebookX Related Post navigation আজাৰাত অভিৰুচি ক্ৰীড়া দিৱস পালন