প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘বৌদ্ধিক নক্সাল’ বিষয়ক মন্তব্যক লৈ সমগ্ৰ দেশজুৰি সৃষ্টি হৈছে তীব্ৰ ৰাজনৈতিক বাকযুদ্ধৰ। লালকিল্লাৰ প্ৰাচীৰৰ পৰা প্ৰধানমন্ত্ৰীয়ে বিৰোধীক ‘বৌদ্ধিক নক্সাল’ বুলি অভিহিত কৰাৰ পিছতে নিজকে এগৰাকী গৌৰৱাম্বিত ‘বৌদ্ধিক নক্সাল’ বুলি মন্তব্য কৰিছিল প্ৰাক্তন গৃহমন্ত্ৰী তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পি চিদাম্বৰমে। ইয়াৰ পিছতে এই প্ৰসংগ টানি দেওবাৰে অনুষ্ঠিত এক সংবাদমেলত চিদাম্বৰক আক্ৰমণৰ লক্ষ্য কৰি লয় অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। সংবাদমেলত মুখ্যমন্ত্ৰীয়ে চিদাম্বৰমক কেৱল ‘বৌদ্ধিক নক্সাল’ নহয়, এজন ‘বিশুদ্ধ নক্সাল’ বুলি অভিহিত কৰে। বাওঁপন্থী উগ্ৰবাদ দমনৰ ক্ষেত্ৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী হিচাপে চিদাম্বৰমৰ কাৰ্যকালৰ ভূমিকা সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰে মুখ্যমন্ত্ৰী শৰ্মাই। তেওঁ দাবী কৰে যে যিহেতু চিদাম্বৰমে নিজকে সামাজিক মাধ্যমত ‘বৌদ্ধিক নক্সাল’ বুলি গৌৰৱ প্ৰকাশ কৰিছে, সেয়েহে দেশৰ গৃহমন্ত্ৰী হৈ থকাৰ সময়ছোৱাত তেওঁ ইচ্ছাকৃতভাৱেই নক্সালবাদৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাত ব্যৰ্থ হৈছিল নেকি, সেই সন্দৰ্ভত এক উচিত তদন্ত হোৱা প্ৰয়োজন। উল্লেখ্য যে, যোৱা ১৫ আগষ্টত লালকিল্লাৰ পৰা প্ৰদান কৰা স্বাধীনতা দিৱসৰ ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমাজত থকা ‘বৌদ্ধিক নক্সাল’সকলৰ বিৰুদ্ধে সকীয়নি প্ৰদান কৰিছিল। সশস্ত্ৰ নক্সালবাদীক নিৰাপত্তা বাহিনীয়ে বনাঞ্চলৰ পৰা নিঃশেষ কৰাত সফল হৈছে যদিও মতাদৰ্শগত মাওবাদী মানসিকতাৰ লোকসকলে পূৰ্বে চৰকাৰৰ নীতি নিৰ্ধাৰণ সংস্থাসমূহত স্থান দখল কৰিছিল বুলি প্ৰধানমন্ত্ৰীয়ে অভিযোগ তোলে। প্ৰধানমন্ত্ৰীৰ এই ভাষ্যৰ প্ৰত্যুত্তৰ দি পিছদিনা ১৬ আগষ্টত পি চিদাম্বৰমে সামাজিক মাধ্যমত উল্লেখ কৰে যে তেওঁ এজন ‘বৌদ্ধিক নক্সাল’ বুলি গৌৰৱবোধ কৰে। কংগ্ৰেছ দলক কঠোৰ সমালোচনা কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ নেতৃত্বত দেশত বিৰাজ কৰা শান্তিপূৰ্ণ পৰিৱেশক কংগ্ৰেছে সহ্য কৰিব পৰা নাই। সমগ্ৰ দেশত এক অৰাজক পৰিস্থিতিৰ সৃষ্টি কৰি তাৰেই সুযোগ লৈ ২০২৯ চনত পুনৰ ক্ষমতালৈ আহিবলৈ কংগ্ৰেছে অপচেষ্টা চলাইছে বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে মুখ্যমন্ত্ৰীয়ে। Share this:FacebookX Related Post navigation নিযুক্তি পৰীক্ষাত অনিয়মৰ অভিযোগঃ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনক শিক্ষাৰ্থীৰ সৈতে পোনপটীয়াকৈ আলোচনাৰ আহ্বান ৰাহুল গান্ধীৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সামাজিক মাধ্যমত হত্যাৰ ভাবুকি! অভিযুক্ত আব্দুল মুতালেবক ৫ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ