স্বাধীনতা দিৱসৰ পোনপটীয়া সম্প্ৰচাৰৰ সময়ত সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ কৰা এজন ব্যক্তিক দেওবাৰে আদালতে পাঁচ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে। মৰিগাঁও জিলাৰ ভূৰাগাঁৱৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অভিযুক্ত আব্দুল মুতালেবক দেওবাৰে আদালতত হাজিৰ কৰোৱাৰ পাছতে ন্যায়ালয়ে এই জিম্মা মঞ্জুৰ কৰে। মুখ্যমন্ত্ৰীক হত্যা কৰাৰ বাবে ১ কোটি টকা দাবী কৰাৰ লগতে পাকিস্তানৰ সমৰ্থনত শ্লোগান দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ধৃত যুৱকজনৰ বিৰুদ্ধে। উল্লেখ্য যে, শনিবাৰে গুৱাহাটীৰ পৰা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ফেচবুক পেজত স্বাধীনতা দিৱসৰ কাৰ্যসূচী পোনপটীয়াকৈ সম্প্ৰচাৰ হৈ থকাৰ সময়তে এই চাঞ্চল্যকৰ ঘটনাটো পোহৰলৈ আহে। লাইভ চলি থকাৰ মাজতে আব্দুল মুতালেবে এটা মন্তব্য যোগে ১ কোটি টকাৰ বিনিময়ত মুখ্যমন্ত্ৰীক হত্যা কৰাৰ প্ৰস্তাৱ আগবঢ়ায় আৰু তাৰ বাবে এটা ফোন নম্বৰ উল্লেখ কৰি যোগাযোগ কৰিবলৈ কয়। ইয়াৰ উপৰিও মন্তব্যটোত ‘পাকিস্তান জিন্দাবাদ’ শ্লোগান আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আপত্তিজনক শব্দ ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হয়। এই ঘটনাৰ পিছতেই অসম আৰক্ষীয়ে তৎপৰতাৰে উক্ত সামাজিক মাধ্যমৰ একাউণ্টটো অনুসৰণ কৰি মৰিগাঁও জিলাৰ ভূৰাগাঁৱৰ পৰা অভিযুক্ত মুতালেবক আটক কৰে। এনে ভাবুকিপূৰ্ণ মন্তব্য প্ৰকাশৰ আঁৰৰ প্ৰকৃত উদ্দেশ্য আৰু পৰিস্থিতিৰ সন্দৰ্ভত অভিযুক্তজনক জেৰা চলাই থকা হৈছে। আৰক্ষী জিম্মাত সোধা-পোছাৰ অন্তত তদন্ত আগবঢ়াৰ লগে লগে এই ঘটনাৰ অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে। Share this:FacebookX Related Post navigation পি চিদাম্বৰম কেৱল ‘বৌদ্ধিক নক্সাল’ নহয়, তেওঁ এগৰাকী ‘বিশুদ্ধ নক্সাল’: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা