ঝাৰখণ্ডত নিযুক্তি পৰীক্ষাত অনিয়মৰ অভিযোগক লৈ শিক্ষাৰ্থীৰ প্ৰতিবাদ অব্যাহত থকাৰ সময়তে বিষয়টোত হস্তক্ষেপৰ আহ্বান জনাইছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনক পত্ৰযোগে প্ৰতিবাদী শিক্ষাৰ্থীসকলৰ সৈতে পোনপটীয়াকৈ সাক্ষাৎ কৰি তেওঁলোকৰ দাবী শুনিবলৈ আহ্বান জনায় ৰাহুলে।

১৪ আগষ্টত লিখা পত্ৰখন সোমবাৰে ৰাজহুৱা কৰে ৰাহুল গান্ধীয়ে। পত্ৰখনত তেওঁ প্ৰতিবাদী শিক্ষাৰ্থীসকলৰ আন্দোলন শান্তিপূৰ্ণ আৰু তেওঁলোকৰ দাবী ন্যায়সংগত বুলি উল্লেখ কৰাৰ লগতে বিষয়টো সমাধানৰ বাবে ৰাজ্য চৰকাৰক অধিক সক্ৰিয় হ’বলৈ আহ্বান জনায়।

ৰাহুল গান্ধীয়ে কয়, “সংবিধানে প্ৰদান কৰা শান্তিপূৰ্ণ প্ৰতিবাদৰ অধিকাৰ আমাৰ গণতন্ত্ৰৰ অন্যতম মূল স্তম্ভ। সেয়েহে যোৱা কেইবামাহ ধৰি প্ৰশ্নকাকত ফাদিল আৰু শিক্ষাব্যৱস্থাত অনিয়মৰ বিৰুদ্ধে প্ৰতিবাদ কৰা শিক্ষাৰ্থীসকলক কংগ্ৰেছে সম্পূৰ্ণ সমৰ্থন আগবঢ়াইছে।”

ঝাৰখণ্ডৰ শিক্ষাৰ্থীসকলৰ প্ৰতিবাদৰ প্ৰসংগত ৰাজ্য চৰকাৰে এখন সমিতি গঠন কৰি তেওঁলোকৰ সৈতে আলোচনা আৰম্ভ কৰা বিষয়টোও পত্ৰখনত স্বীকাৰ কৰে ৰাহুল গান্ধীয়ে। কেইবাটাও দাবীক লৈ চৰকাৰ আৰু শিক্ষাৰ্থীৰ মাজত মতৈক্যৰ ক্ষেত্ৰত অগ্ৰগতি হোৱা বুলি তেওঁ উল্লেখ কৰে যদিও প্ৰতিবাদ অব্যাহত থকাৰ লগতে একাংশ শিক্ষাৰ্থীয়ে অনিৰ্দিষ্টকালীন অনশন চলাই থকা বুলি কয়।

তেওঁ লগতে কয়, “ভাৰতৰ যুৱসমাজেই দেশখনৰ ভৱিষ্যৎ। এই সংকটৰ সময়ত তেওঁলোকৰ কাষত থিয় দিয়াটো আমাৰ দায়িত্ব। তেওঁলোকৰ কথা শুনি বিষয়টোৰ সমাধানৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আপুনি সকলোধৰণৰ চেষ্টা কৰক।”

ইফালে, ভাৰতীয় শিক্ষাব্যৱস্থাক ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ আৰু বিজেপিয়ে নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰি শিক্ষাৰ্থীসকলৰ ওপৰত শোষণ আৰু দমন চলোৱাৰ পৰিৱেশ সৃষ্টি কৰা বুলি পত্ৰখনত অভিযোগ কৰে ৰাহুল গান্ধীয়ে। শিক্ষাব্যৱস্থা পূৰ্বৰ দৰে জ্ঞানৰ শক্তিশালী মাধ্যম হৈ থকা নাই বুলিও তেওঁ মন্তব্য কৰে।

ঝাৰখণ্ডত নিযুক্তি পৰীক্ষাত অনিয়মৰ অভিযোগক কেন্দ্ৰ কৰিয়েই বৰ্তমানৰ আন্দোলনৰ সূত্ৰপাত ঘটিছে। ঝাৰখণ্ড লোকসেৱা আয়োগ আৰু ঝাৰখণ্ড কৰ্মচাৰী বাছনি আয়োগৰ অধীনত অনুষ্ঠিত পৰীক্ষাক লৈ অভিযোগ উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে শিক্ষাৰ্থীসকলে।

বিশেষকৈ ঝাৰখণ্ড কৰ্মচাৰী বাছনি আয়োগৰ সংযুক্ত স্নাতক পৰ্যায়ৰ পৰীক্ষাত অনিয়ম সংঘটিত হোৱা বুলি অভিযোগ কৰি পৰীক্ষাটো বাতিলৰ দাবী জনাইছে প্ৰতিবাদকাৰীসকলে। ইয়াৰ উপৰি অভিযোগসমূহৰ তদন্তৰ বাবে কেন্দ্ৰীয় অনুসন্ধান সংস্থাৰ তদন্তৰ দাবীও উত্থাপন কৰিছে তেওঁলোকে।

জয়পাল সিং মুণ্ডা ষ্টেডিয়ামত অব্যাহত থকা প্ৰতিবাদৰ মাজতে শিক্ষাৰ্থী আৰু ৰাজ্য চৰকাৰৰ মাজত কেইবালানি আলোচনা অনুষ্ঠিত হৈছে। কিন্তু সেই আলোচনাৰ জৰিয়তে এতিয়ালৈকে অচলাৱস্থাৰ সমাধান হোৱা নাই।

উল্লেখ্য যে, ঝাৰখণ্ড মুক্তি মৰ্চা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ অংশীদাৰ কংগ্ৰেছ। মুখ্যমন্ত্ৰী হেমন্ত ছোৰেন নেতৃত্বাধীন চৰকাৰৰ অংশীদাৰ দলৰ এগৰাকী শীৰ্ষ নেতাই শিক্ষাৰ্থীসকলৰ দাবীৰ সমৰ্থনত মুখ্যমন্ত্ৰীক পোনপটীয়াকৈ হস্তক্ষেপৰ আহ্বান জনোৱাক লৈ এই পত্ৰই ৰাজনৈতিকভাৱেও তাৎপৰ্য বহন কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *