গুৰুদেৱ কালিচৰণ ব্ৰহ্ম ট্ৰাষ্টৰ উদ্যোগত আৰু ওড়িশাৰ ভুৱনেশ্বৰস্থিত কিছ ডিমড টু বি ইউনিভাৰ্চিটিৰ সহযোগত”গুৰুদেৱ কালিচৰণ ব্ৰহ্ম: সামাজিক পৰিৱৰ্তনৰ স্থপতি আৰু সৰ্বাংগীন ৰাষ্ট্ৰীয়তাবাদৰ প্ৰৱক্তা” শীৰ্ষক এক ৰাষ্ট্ৰীয় আলোচনা চক্ৰ অনুষ্ঠিত হয়। কিছ ডিমড টু বি ইউনিভাৰ্চিটিৰ সন্মিলন কক্ষত অনুষ্ঠিত আলোচনা চক্ৰখনত সভাপতিত্ব কৰে গুৰুদেৱ কালিচৰণ ব্ৰহ্ম ট্ৰাষ্টৰ সভাপতি, বাল সাহিত্য পুৰস্কাৰেৰে সন্মানিত তথা গোঁসাইগাঁও বি এড কলেজৰ অধ্যক্ষ ডঃ অজিত বড়োয়ে।গুৰুদেৱ কালিচৰণ ব্ৰহ্মৰ প্ৰতিকৃতিত পুষ্পাঞ্জলি অৰ্পণেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ পাছত কিছৰ ছাত্ৰ-ছাত্ৰীয়ে বড়ো আৰু ত্ৰিপুৰী নৃত্য পৰিৱেশন কৰে। ভাষণ প্ৰসংগত ডঃ অজিত বড়োয়ে গুৰুদেৱ কালিচৰণ ব্ৰহ্মৰ সৰ্বাংগীন দৰ্শনৰ ওপৰত আলোকপাত কৰি কয় যে গুৰুদেৱে কেৱল বড়ো জনগোষ্ঠীৰ উন্নয়নৰ বাবেই নহয়, সমগ্ৰ ৰাষ্ট্ৰৰ প্ৰগতিৰ বাবেও নিজৰ জীৱন উৎসৰ্গা কৰিছিল। গুৰুদেৱৰ দৰ্শনত গৱেষণাৰ বিপুল সম্ভাৱনা নিহিত হৈ আছে বুলি উল্লেখ কৰি তেওঁ ছাত্ৰ-ছাত্ৰী আৰু গৱেষকসকলক এই বিষয়ে গভীৰ অধ্যয়ন চলাবলৈ আহ্বান জনায়। আলোচনা-চক্ৰত সমল ব্যক্তি হিচাপে হাৰিয়ানাৰ মহৰ্ষি বাল্মীকি সংস্কৃত বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য , অধ্যাপক ৰমেশ চি. ভাৰদ্বাজ আৰু ডঃ আম্বেদকাৰ আসনৰ অধ্যাপক চিত্তৰঞ্জন ভোয়ে অংশ গ্ৰহণ কৰে। ভাষণ প্ৰসংগত অধ্যাপক ৰমেশ চি ভাৰদ্বাজে কয় যে গুৰুদেৱ কালিচৰণ ব্ৰহ্মৰ দৰ্শনে বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্মক গভীৰভাৱে অনুপ্ৰাণিত কৰিছিল। বড়ো জনগোষ্ঠীৰ সৰ্বাংগীন উন্নয়নৰ ভেটি গুৰুদেৱেই স্থাপন কৰিছিল বুলি মন্তব্য কৰি তেওঁ কয় যে সামাজিক পৰিৱৰ্তনৰ দৃষ্টিভংগী, নৈতিক নেতৃত্ব আৰু সৰ্বাংগীন ৰাষ্ট্ৰীয়তাবাদৰ বাবে গুৰুদেৱ মহাত্মা গান্ধীৰ সমপৰ্যায়ৰ এগৰাকী ৰাষ্ট্ৰীয় ব্যক্তিত্ব । অনুষ্ঠানত কিছ ডিমড টু বি ইউনিভাৰ্চিটিৰ পঞ্জীয়ক ডঃ প্ৰশান্ত কুমাৰ ৰাউত্ৰয়, উপ-পঞ্জীয়ক ডঃ স্নিগ্ধা ৰাণী পাণ্ডা, গৱেষণা আৰু উন্নয়ন কোষৰ সঞ্চালক ডঃ অৰ্পণা প্ৰেমী লীনা ওৰাওঁ, নৃতত্ব বিভাগৰ সহকাৰী অধ্যাপক ডঃ অবিন্দিতা নায়োটে, সহকাৰী অধ্যাপক অনিৰ্বাণ বন্দ্যোপাধ্যায় আৰু ডঃ সুজাতা আচাৰ্য উপস্থিত থাকে।আলোচনা চক্ৰখনত ৫০ গৰাকীৰো অধিক গৱেষক, ডীন, অধ্যাপক, উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰী, কিছৰ বড়ো শিক্ষাৰ্থী তথা বড়োলেণ্ড আৰু অসমৰ ১৪ গৰাকী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। বড়োলেণ্ড আৰু অসমৰ পৰা অংশগ্ৰহণ কৰা প্ৰতিনিধিসকল হ’ল — ফাটেন্দ্ৰ বসুমতাৰী, জগত চন্দ্ৰ ব্ৰহ্ম, ডঃ অজিত বড়ো , ৰঞ্জন নাৰ্জাৰী, খ’দ’ম বসুমতাৰী , হাৰেন্দ্ৰ ব্ৰহ্ম, ঘনকান্ত ব্ৰহ্ম, মুক্তি ৰঞ্জন বড়ো , গিৰীন্দ্ৰ চন্দ্ৰ ব্ৰহ্ম, অজয় কুমাৰ ব্ৰহ্ম, কালেন্দ্ৰ নাথ বসুমতাৰী, বাবা বুদ্ধদেৱ নাৰ্জাৰী, ৰবীন্দ্ৰ মুছাহাৰী আৰু সুৰজ কুমাৰ ব্ৰহ্ম। Share this:FacebookX Related Post navigation যাদুৰ দেশ মায়ংৰ আঁৰত প্ৰাচীন সভ্যতা: নতুন আৱিষ্কাৰে দাঙি ধৰিলে ঐতিহ্য “এই সংকটত অসমৰ কাষত আছো”: বংগৰ মুখ্যমন্ত্ৰীৰ ১০ কোটি টকাৰ সাহায্য