উত্তৰাখণ্ডৰ ঋষিকেশ-বদ্ৰীনাথ ৰাষ্ট্ৰীয় ঘাইপথত মঙলবাৰে পুৱা এখন যাত্ৰীবাহী বাছ নিয়ন্ত্ৰণ হেৰুৱাই গভীৰ খাৱৈত বাগৰি পৰাত কমেও ১০ জন যাত্ৰীৰ মৃত্যু হোৱাৰ বিপৰীতে ২০ জন আহত হয় ৷ হৰিদ্বাৰৰ পৰা বদ্ৰীনাথলৈ যাত্ৰা কৰা বাছখনে মুনিকিৰেটি থানাৰ অন্তৰ্গত গুলাৰৰ সমীপত নিয়ন্ত্ৰণ হেৰুৱাই গভীৰ খাৱৈত বাগৰি পৰে ৷প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰা আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে ৷ তেওঁ লগতে আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰে ৷পুৱা ৩:১৫ বজাত হৰিদ্বাৰৰ পৰা যোশীমঠলৈ যাত্ৰা কৰা বিশ্বনাথ সেৱা বাছখন গুলাৰৰ সমীপত দুৰ্ঘটনাগ্ৰস্ত হয় । এই পৰ্যন্ত এই দুৰ্ঘটনাত ৮ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ২৫ জন লোক আহত হৈছে । ইয়াৰে ১৮ জনক এইমছ ঋষিকেশত আৰু বাকী সাতজনক ঋষিকেশ চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । উদ্ধাৰ অভিযান সম্পূৰ্ণ হৈছে । আহতসকলৰ চিকিৎসা ক্ষিপ্ৰ কৰাৰ বাবে নিৰ্দেশনা দিয়া হৈছে আৰু মৃতকৰ বিষয়ে তথ্য সংগ্ৰহ কৰা হৈছে যাতে তেওঁলোকৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰিব পৰা যায় । Share this:FacebookX Related Post navigation ঘৰৰ ছাদ খহি ২ জনৰ মৃত্যু আমেৰিকাত কমিছে ভাৰতীয় শিক্ষাৰ্থী