দিল্লীৰ শ্বাহদৰা জিলাৰ বিবেক বিহাৰৰ জ্ৱালা নগৰত মঙলবাৰে এটা অট্টালিকাৰ ছাদ খহি এটি তিনি মহীয়া শিশুসহ এজন লোকৰ মৃত্যু হয় ৷ এই ঘটনাত আন ৪ জন লোক গুৰুতৰভাৱে আহত হয় ৷ঘটনাৰ তথ্য লাভ কৰাৰ লগে লগে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে । উদ্ধাৰকাৰী দলে ৬ জন লোকক ধ্বংসাৱশেষৰ পৰা উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷আৰক্ষীৰ তথ্য অনুসৰি চিকিৎসালয়ত তিনি বছৰীয়া খুছবু আৰু ৩০ বছৰীয়া পিণ্টুক মৃত ঘোষণা কৰা হৈছে । ইফালে লাড্ডু ওৰফে দেৱংশ (২৭), বিকেশ (৩৫), আকাশ (২৫) আৰু দিলীপ ওৰফে ডিম্পা (২২) গুৰুতৰভাৱে আহত হয় । আৰক্ষীৰ মতে, অট্টালিকাটো সুৰেন্দ্ৰ সিঙৰ আৰু ছয়জন ভুক্তভোগী তেওঁৰ ভাৰাতীয়া আছিল । Share this:FacebookX Related Post navigation নতুন প্ৰিমিয়াম ৰেহাই ৰাইডাৰ আৰু হিয়েৰ.নাও অভিযানৰ জৰিয়তে জেনেৰেলী চেন্ট্ৰেল লাইফ ইঞ্চুৰেন্সে শক্তিশালী কৰিছে সামগ্ৰী পৰ্টফলিঅ’ গভীৰ খাৱৈত বাগৰি ১০ জন যাত্ৰীৰ মৃত্যু